ETV Bharat / international

য়ুহানত COVID-19 চিকিৎসাধীন ৰোগীৰ সংখ্য়া শূণ্য - চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখপাত্ৰ মি ফেং

য়ুহানত নাই এজনো COVID-19 চিকিৎসাধীন ৰোগী ৷ দেওবাৰে এজন স্বাস্থ্য় বিষয়াৰ এই মন্তব্য় ৷

য়ুহানত নাই এজনো COVID-19 চিকিৎসাধীন ৰোগী
য়ুহানত COVID-19 চিকিৎসাধীন ৰোগীৰ সংখ্য়া শূন্য
author img

By

Published : Apr 26, 2020, 8:44 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 26 এপ্ৰিল : দেওবাৰে য়ুহানৰ এজন স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে যে,য়ুহানৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা সকলো লোক আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ ফলত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা লোকৰ সংখ্যা শূণ্য বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া গৰাকীয়ে ৷

বেইজিঙত অনুষ্ঠিত এক সংবাদমেলত চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মুখপাত্ৰ মি ফেঙে কয় যে,য়ুহানৰ স্বাস্থ্য় খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিৰ কঠোৰ প্ৰচেষ্টাৰ ফলতে য়ুহানে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷ য়ুহানত গুৰুতৰ অৱস্থাত থকা অন্তিমজন ৰোগী শুকুৰবাৰে আৰোগ্য হৈ উঠা বুলি সংবাদ মাধ্যমত প্ৰকাশ ৷ ইয়াৰ ফলত চহৰখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা শূণ্য হোৱা বুলি জানিব পৰা গৈছে ৷

হুবেই অঞ্চলতো COVID-19 আক্ৰান্তৰ সংখ্যা 50 শতাংশ হ্ৰাস পোৱা বুলি তথ্য় লাভ কৰা হৈছে ৷ ইয়াৰোপৰি,শেহতীয়া 20 দিনত এটাও নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই অঞ্চলটোত ৷

আনহাতে,সমগ্ৰ দেশখনত যোৱা 24 ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে 11 জন লোক ৷ ইয়াৰে 5 জনৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকাৰ পৰিৱৰ্তে 6 জন স্থানীয়ভাৱে আক্ৰান্ত হৈছে ৷ ইয়াৰে পাঁচজনক হেইলংজিয়াঙত চিকিৎসাধীন কৰা হৈছে ৷

ইয়াৰোপৰি, চীনত যোৱা 11 দিনত এজনো লোকৰ কৰ'ণা ভাইৰাছত মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ফলত চীনত সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 4,632 ত ৰৈছে ৷

লগতে চাওকঃ জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.