ইন্টাৰনেশ্যনেল ডেস্ক, 22 এপ্ৰিল : কৰ'ণা ভাইৰাছ মহামাৰী সম্পৰ্কত গৱেষণা কৰি থকা বিশ্ব স্বাস্থ্য সংস্থা(WHO), Wuhan Institute of Virology, the Gates Foundation আৰু অন্যান্য় কেইখনমান প্ৰতিষ্ঠানৰ বহু হাজাৰ ই-মেইল, পাছৱৰ্ড আৰু বিভিন্ন ডকুমেন্ট হেক হোৱা বুলি জানিব পৰা হৈছে ৷
SITE Intelligence Group য়ে জানিবলৈ দিয়া অনুসৰি, কৰ'ণা ভাইৰাছৰ বিভিন্ন গৱেষণা কৰি থকা এই প্ৰতিষ্ঠানসমূহৰ প্ৰায় 25,000 ই-মেইল আৰু ইয়াৰ পাছৱৰ্ড হেকাৰে সংগ্ৰহ কৰি অনলাইনযোগে শ্বেয়াৰ কৰিছে ৷
টুইটাৰত এনে বহু ইমেইল, ইয়াৰ পাছৱৰ্ড আৰু অন্য ডকুমেন্টৰ স্ক্ৰীনছট পোষ্ট কৰা হৈছে ৷ দেওবাৰ আৰু সোমবাৰে এই তথ্য়সমূহ হেক কৰাৰ লগতে অনলাইন শ্বেয়াৰ কৰা হয় ৷
ইয়াৰ ফলত সৰ্বাধিক ভুক্তভোগী হ'ল National Institute of Health (NIH) ৷ প্ৰতিষ্ঠানটোৰ প্ৰায় 9,938 ই-মেইল আৰু পাছৱৰ্ড অনলাইন পোষ্ট কৰা হ'ল ৷ Centers for Disease Control and Prevention ৰ 6,857, World Bank ৰ 5,120 আৰু WHO ৰ 2,732 ই-মেইল আৰু পাছৱৰ্ড হেক কৰা হ'ল ৷
বিল গেটছৰ The Gates Foundation আৰু য়ুহানস্থিত Wuhan Institute of Virology কো লক্ষ্য হিচাপে বাচি ল'লে হেকাৰে ৷ কিন্তু এই ই-মেইল আৰু পাছৱৰ্ড বিশ্বাসযোগ্য হয়নে নহয় সেই সম্পৰ্কত SITE য়ে কোনো তথ্য প্ৰদান কৰিব পৰা নাই ৷