ETV Bharat / international

য়ুহানৰ এখন চিকিৎসালয়ত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ দল - ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন

প্ৰথম অৱস্থাত COVID-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা য়ুহানৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ এটা দলে । চীনত COVID-১৯ৰ সংক্ৰমণৰ ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে । শুক্ৰবাৰে ৩৬ জন লোকক নতুনকৈ মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

য়ুহানৰ এখন চিকিৎসালয়ত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ দল

author img

By

Published : Jan 30, 2021, 12:39 PM IST

Updated : Jan 30, 2021, 1:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাৰ পিছত চীনৰ য়ুুহানত COVID-১৯ৰ উৎপত্তিৰ মূল উৎস সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকে । শুক্ৰবাৰে য়ুহানৰ হুবেই প্ৰভিন্সিয়েল হাস্পতাল পৰিদৰ্শন কৰিলে চিকিৎসকৰ দলটোৱে । প্ৰথম অৱস্থাত COVID-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা হৈছিল এই চিকিৎসালয়খনতে । বহু প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে এই চিকিৎসালয়খনৰ পৰাই চিকিৎসকসকলে গৱেষণা আৰম্ভ কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসক আৰু চীনৰ স্বাস্থ্য বিষয়াৰ মাজত হোৱা এক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, চিকিৎসকসকলে য়ুহানৰ চৌপাশৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিব । ডাটচ ভাইৰ'ল'জিষ্ট মেৰিয়ন কুম্পমেনছে টুইটযোগে এই কথা প্ৰকাশ কৰে । চীনত উপস্থিত হোৱাৰ পিছতে চিকিৎসকসকল ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত আছিল আৰু বৃহস্পতিবাৰে কোৱাৰেণ্টাইনৰ অন্ত পৰে । কোৱাৰেণ্টাইনত থকাৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকে চীনা বিষয়াৰে ভিডিঅ' কনফাৰেন্সযোগে কেইবাবাৰো বৈঠকত মিলিত হয় আৰু চিকিৎসকৰ দলটোৰ য়ুহান ভ্ৰমণ সন্দৰ্ভত বৈঠকত আলোচনা কৰে ।

শুক্ৰবাৰে তেওঁলোক হুবেই প্ৰভিন্সিয়েল হাস্পতালত উপস্থিত হয় । হাস্পতালখনৰ চিকিৎসক ড০ ঝাং জিংজিয়ানে ঘটনাসমূহৰ বিৱৰণ দাঙি ধৰে । ২০১৯ চনৰ ২৭ ডিচেম্বৰত হাস্পতালখনত COVID-১৯ৰ প্ৰথমটো ঘটনা পঞ্জীয়ন কৰা হৈছিল আৰু সেই সময়ত উক্ত ৰোগ 'অজ্ঞাত কাৰণত হোৱা নিউম'নিয়া' বুলি কোৱা হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে টুইটযোগে প্ৰকাশ কৰিছিল যে, চিকিৎসকৰ দলটোৱে মহামাৰী সন্দৰ্ভত বিস্তৃত তথ্য জনোৱাৰ বাবে চীনা কৰ্তৃপক্ষক আহ্বান জনাইছে আৰু COVID-১৯ত প্ৰথম আক্ৰান্ত হোৱা ৰোগীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে ।

প্ৰথম আক্ৰান্ত হোৱা ৰোগীৰ সৈতে সম্পৰ্ক থকা হুনানৰ সাগৰীয় খাদ্যৰ বজাৰ, য়ুহান ইনষ্টিটিউট অৱ ভাইৰ'ল'জি আৰু লেবৰটৰীজ এট ফেচিলিটিজ আৰু আন কেইটাও ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন কৰিব বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ দলটোৱে । বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিৎসকৰ এই অভিযানৰ ওপৰত এতিয়া ৰাজনৈতিক প্ৰভাৱো পৰিছে । কিয়নো COVID-১৯ৰ প্ৰথম সংক্ৰমণ চীনৰ পৰা আৰম্ভ হোৱাৰ দোষ চীনে নিজৰ গাত পাতি ল'বলৈ অস্বীকাৰ কৰিছে । COVID-১৯ৰ প্ৰকৃত উৎস পোহৰলৈ অহাত কেইবাবছৰৰো প্ৰয়োজন হ'ব বুলি ধাৰণা কৰা হৈছে ।

আনহাতে, জন্তুৰ পৰা এই ৰোগ বিয়পিছে নে নাই সেয়া প্ৰমাণ কৰিবলৈ জন্তুৰ নমুনা সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি জেনেটিক বিশ্লেষণ আৰু মহামাৰী বিজ্ঞান অধ্যয়নলৈকে সম্পূৰ্ণ গৱেষণাৰ আৱশ্যকতা আহি পৰিব । বন্যপ্ৰাণীৰ চোৰাং বেহাৰে জড়িত লোকে ব্যৱসায়ীক ভাইৰাছ থকা বন্যপ্ৰাণী বিক্ৰী কৰিছে আৰু এই বন্যপ্ৰাণীৰ মাংস ব্যৱসায়ীয়ে য়ুহানত বিক্ৰী কৰাৰ সম্ভাৱনা প্ৰকট হৈছে । চীনা চৰকাৰে আমদানিকৃত ফ্ৰজেন খাদ্য সামগ্ৰীৰ পৰা ভাইৰাছৰ সংক্ৰমণ হোৱা সন্দৰ্ভতো তথ্য প্ৰকাশ কৰিছে ।

২০১৯ চনত য়ুহান পৰা আৰম্ভ হোৱা মহামাৰীয়ে সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু এই সংকট এতিয়াও অব্যাহত আছে । চীনত ৮৯,০০০ জন মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪,৬০০ জনে প্ৰাণ হেৰুৱাইছে । অৱশ্যে দৈনিক সংক্ৰমণৰ ঘটনা হ্ৰাস পাইছে । শুক্ৰবাৰে ৩৬ জন লোকক নতুনকৈ মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক:89 শতাংশ কাৰ্যকৰ Novavax-ৰ ক’ভিড প্ৰতিষেধক

Last Updated : Jan 30, 2021, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.