ETV Bharat / international

নাগৰ্নো-কাৰাবাখৰ যুদ্ধবিৰতিৰ বিফলতা দেখাটো হতাশাজনক : ট্ৰাম্প - নাগৰ্নো-কাৰাবাখৰ যুদ্ধবিৰতিৰ বিফলতা

আজেৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত নতুনকৈ উপনীত হোৱা যুদ্ধবিৰতিৰ বিপৰ্যয়ৰ সম্পৰ্কে সোধাত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে এই বিফলতা যথেষ্ট হতাশাজনক ৷ তেওঁ কয় যে যেতিয়া আপোনাৰ হাতত দীৰ্ঘদিন ধৰি এনেকোৱা কিছু সমস্যাৰ মাজত ওলমি ৰোৱা কিছুমান দেশ থাকে এনে হোৱাটো অতি স্বাভাৱিক ৷

নাগাৰ্নো-কাৰাবাখৰ মাজৰ যুদ্ধবিৰতি হাতাশাজনক : ট্ৰাম্প

author img

By

Published : Oct 28, 2020, 10:54 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: আজেৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত যুদ্ধবিৰতিৰ বিপৰ্যয় ৷ নাগৰ্নো-কাৰাবাখৰ মাজৰ যুদ্ধবিৰতিৰ এই বিফলতাক হতাশাজনক আখ্যা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৷ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে নাগৰ্নো-কাৰাবাখ অঞ্চলত আৰ্মেনিয়া আৰু আজেৰবাইজান মাজৰ যুদ্ধবিৰতি দেখি তেওঁ হতাশ হৈছে ৷

ৰাজ্যিক বিভাগৰ এক বিবৃতি অনুসৰি মাৰ্কিন সচিব মাইক পম্পেওৱে আৰ্মেনিয়াৰ প্ৰধান মন্ত্ৰী নিকোল পাচিয়ান আৰু আজেৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ সৈতে ফোনযোগে এক পৃথক বাৰ্তালাপত মিলিত হয় ৷ বিবৃতিটোত প্ৰকাশিত তথ্য অনুসৰি সচিব গৰাকীয়ে নেতাসকলক যুদ্ধ বিৰতিৰ সকলো প্ৰতিশ্ৰুতি মানি চলাৰ লগতে নাগৰ্নো-কাৰাবাখ সংঘাতৰ এক ৰণনীতিক সমাধান অনুসৰণ কৰিবলৈ হেঁচা প্ৰদান কৰে ৷ সচিব গৰাকীয়ে লগতে এই কথাও উনুকিয়াই দিয়ে যে এই সংঘাতৰ কোনো সামৰিক সমাধান নাই ৷

আমেৰিকা যুক্তৰাষ্ট্ৰ, আজেনবাইজান আৰু আৰ্মেনিয়াৰ দ্বাৰা দেওবাৰে প্ৰকাশিত এক যুটীয়া বিবৃতি অনুসৰি আটাইকেইখন যুদ্ধবিৰত দেশে নাগৰ্নো-কাৰাবাখ অঞ্চলত এক নতুন মানৱীয় সংঘৰ্ষ বিৰতিৰ প্ৰতি সহমত পোষণ কৰে ৷ এই সহমত সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে ৷

অৱশ্যে ইমানৰ পাছতো যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ কিছু সময় পাছতেই দুয়োপক্ষই পুনৰ ইটোৱে আনটোৰ ওপৰত অভিযোগ আৰু আক্ৰমণ কৰা পৰিলক্ষিত হ'ল ৷ আজেৰবাইজানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে এক বিবৃতিত কৈছিল যে সোমবাৰে ৰাতিপুৱাৰ পৰা আজেৰবাইজানৰ টোভুজ আৰু গাডাবেকে ধৰি কেইবাটাও অঞ্চলত আৰ্মেনিয়াই গুলীবৰ্ষণ কৰে ৷ ইফালে,আৰ্মেনিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ সুচান স্টেপানিয়ানে আজেৰবাইজানী বাহিনীয়ে নাগৰ্নো-কাৰাবাখ অঞ্চলৰ উত্তৰ-পূৱ অংশত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰে।

সোমবাৰৰ বিৰতি চুক্তি সপ্তাহটোৰ তৃতীয় চুক্তি আছিল । আন দুখন চুক্তি ১০ অক্টোবৰ আৰু ১৭ অক্টোবৰত হৈছিল, কিন্তু দুয়োপক্ষই পৰস্পৰে পৰস্পৰক নিৰীক্ষণ নকৰাৰ বাবে দোষাৰোপ কৰিছিল।

লগতে পঢ়ক: ইষ্টাৰ আক্ৰমণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা চাৰ্চ পৰিদৰ্শন মাৰ্কিন সচিব পম্পেওৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.