ETV Bharat / international

গৰুখুটি কাণ্ড : Gulf Country ত চলিছে ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰ - Qatar

দৰঙৰ গৰুখুটিত বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিয়ে উপসাগৰীয় দেশসমূহতো(Gulf countries) পৰিৱেশ অস্থিৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷ এই দেশসমূহত ভাৰতীয় সামগ্ৰী বৰ্জনৰ এক পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে ৷

uneasiness in the Gulf countries
Gulf Countryক অস্থিৰ কৰিছে গৰুখুটিৰ কাণ্ডই
author img

By

Published : Oct 1, 2021, 9:26 PM IST

নিউজ ডেস্ক , 1 অক্টোবৰ : প্ৰায় এসপ্তাহ পূৰ্বে দৰঙৰ গৰুখুটিত বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিয়ে উপসাগৰীয় দেশসমূহতো(Gulf countries) পৰিৱেশ অস্থিৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷ নতুন দিল্লীৰ বিৰুদ্ধে কথিত ইছলামোফোবিয়া(New Delhi's alleged Islamophobia)ক লৈ এতিয়া এই দেশসমূহত ভাৰতীয় সামগ্ৰী বৰ্জনৰ এক পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে ৷

শেহতীয়া এই পৰিস্থিতিৰ পাচতে এতিয়া দোহাস্থিত ভাৰতীয় দূতাবাসে (Indian Embassy in Doha) এই প্ৰচাৰ সন্দৰ্ভত সকলোকে সতৰ্ক কৰাৰ প্ৰয়াস কৰিছে ৷ বিশেষকৈ উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ গুলীত ধৰাশায়ী এজন প্ৰতিবাদকাৰীৰ মৃতদেহৰ ওপৰত চৰকাৰৰ দ্বাৰা নিয়োজিত এগৰাকী ফটোগ্ৰাফাৰে যথেষ্ট অমানৱীয় আৰু হিংসাত্মক আচৰণ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পাচতে ভাৰতৰ বিৰুদ্ধে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

এই ঘটনাৰ পাচতে এতিয়া ভাৰতীয় সামগ্ৰী বৰ্জনক লৈ ভিন্ন মাধ্যমত ভিন্ন প্ৰচাৰ চলা পৰিলক্ষিত হৈছে ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিষয়ে কিছুমান মিছা প্ৰচাৰেৰে ঘৃণা আৰু বিভেদ সৃষ্টি কৰিবলৈ সামাজিক মাধ্যমত এক বিদ্বেষপূৰ্ণ প্ৰয়াস কৰা হৈছে বুলি Qatarৰ ভাৰতীয় দূতাবাসে টুইটযোগে প্ৰকাশ কৰিছে ৷ টুইটৰ জৰিয়তে ভাৰতীয় দূতাবাসে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে যিকোনো ধৰণৰ ভুৱা প্ৰচাৰৰ ভুক্তভোগী নহ'বলৈ আহ্বান জনাইছে ৷

সকলো ভাৰতীয়কে একতা আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবেও ভাৰতীয় দূতাবাসে অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে ৷ ইফালে Omanৰ Sultanateৰ Grand Muftiৰ এটা পোষ্টে চৰকাৰৰ দ্বাৰা সমৰ্থিত উগ্ৰপন্থী গোটৰ হাতত মুছলমান নাগৰিকৰ বিৰুদ্ধে আক্ৰমণ চলিছে বুলি অভিযোগ উত্থাপন কৰি সমগ্ৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : শ্বেৰমান আলীৰ মন্তব্যত উত্তপ্ত হৈছে ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.