ETV Bharat / international

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মন্তব্য নিদিয়ে ৰাষ্ট্ৰসংঘই

author img

By

Published : Dec 11, 2019, 8:30 AM IST

যেতিয়ালৈকে বিলখন বিধায়নী প্ৰক্ৰিয়াৰ মাজত আছে তেতিয়ালৈকে কেবৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰিব পৰা নাযায় বুলি মন্তব্য ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ফাৰহান হকৰ ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মন্তব্য দিয়াত অস্বীকাৰ ৰাষ্ট্ৰসংঘৰ

নিউজ ডেস্ক, 11 ডিচেম্বৰ: ৰাষ্ট্ৰসংঘৰ মজিয়া পালেগৈ যোৱা 9 ডিচেম্বৰৰ মাজনিশা লোকসভাত গৃহীত হোৱা বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ ৷ ভাৰতৰ উত্তৰ পূবত এই বিধেয়কখনক লৈ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এই বিধেয়কখনৰ ওপৰত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা সাময়িকভাৱে বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰসংঘই ৷ ৰাষ্ট্ৰসংঘক বিতৰ্কিত বিলখন সন্দৰ্ভত সোধা প্ৰশ্ন সংক্ৰান্তত ৰাষ্ট্ৰসংঘৰ মুখ্য সচিব এন্টনিও গুটাৰেছৰ উপ মুখপাত্ৰ ফাৰহান হকে কয় যে যিহেতু বৰ্তমান বিধেয়কখন ভাৰতৰ বিধায়নী প্ৰক্ৰিয়াৰ মাজত আছে গতিকে গৃহীত নোহোৱালৈকে ৰাষ্ট্ৰসংঘই এই বিষয়ত কোনো ধৰণৰ মন্তব্য নকৰে ৷ তেওঁ লগতে কয় যে, "একে সময়তে বিশ্বৰ সকলো চৰকাৰে যাতে কোনো কাৰণত বৈষম্যমূলক আইন গৃহীত কৰিব নোৱাৰে তাৰ ওপৰতো ৰাষ্ট্ৰসংঘই তীক্ষ্ণ দৃষ্টি ৰাখিছে"৷

উল্লেখযোগ্য যে, যোৱা 9 ডিচেম্বৰত লোকসভাত 311-80 ব্যৱধানত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019, যি বিধেয়কে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা অ-মুছলিম লোকক ভাৰতীয় নাগৰিকত্বৰ যোগ্যতা প্ৰদান কৰে ৷ বুধবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ'ব বিলখন ৷ 245 জন সদস্যৰ উচ্চ সদনত বিলখন গৃহীত কৰিবলৈ হ'লে বিজেপি নেতৃত্বধীন এন ডি এক প্ৰয়োজন হ'ব 123 জন সাংসদৰ সমৰ্থন ৷

আৰু পঢ়ক: একলা চলো ৰে : মহানগৰীৰ ৰাজপথত বেনিষাৰ নীৰৱ প্ৰতিবাদ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.