ETV Bharat / international

অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান

author img

By

Published : Jun 28, 2020, 10:46 PM IST

বিগত শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মুখ্যকাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা এক বিশেষ সভাত ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰা কা-বিৰোধী প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই ৷ তেওঁলোকৰ গ্ৰেপ্তাৰ ৰাষ্ট্ৰযন্ত্ৰক কৰা সমালোচনাৰ বিৰুদ্ধে গ্ৰহণ কৰা হোৱা এক অন্যায় বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰসংঘই ৷

অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান
অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান

নিউজ ডেস্ক, 28 জুন : ভাৰত চৰকাৰৰ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনক লৈ সৰৱ হৈছে ৰাষ্ট্ৰসংঘ ৷ শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই কেন্দ্ৰীয় চৰকাৰক কা-বিৰোধী প্ৰতিবাদৰ বাবে গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীসকলক শীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ জেনেভাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা এক সভাত ৰাষ্ট্ৰসংঘৰ কেইগৰাকীমান বিশেষজ্ঞই ৰাষ্ট্ৰযন্ত্ৰক তেওঁলোকক মুকলি কৰি দিবলৈ আহ্বান কৰি "মানৱ অধিকাৰ ৰক্ষাকাৰীসকলক যিসকলক ৰাষ্ট্ৰৰ নাগৰিকত্ব আইনৰ বিৰুদ্ধে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে" বুলি প্ৰকাশ কৰে ৷

ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এখন পত্ৰত ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা অখিল গগৈ, দেৱাংগনা কলিতা, শ্বাৰ্জিল ইমামকে ধৰি জামিয়া মিলিয়া ইছলামিয়াৰ শিক্ষাৰ্থী চাফোৰা জাৰ্গাৰ, মিৰান হাইদৰ, গুলফিছা ফাটিমা, আছিফ ইকবাল টানহা, নাতাশা নাৰৱাল, খালিদ চাইফি, চাইফা উৰ ৰহমান ডাঃ কাফিল খানৰ নাম উল্লেখ আছে ৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা পত্ৰখনত এই সন্দৰ্ভত সৰ্বোচ্চ সংস্থাটোৱে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্কত আছে বুলিও প্ৰকাশ কৰিছে ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰাৰ বাবেই ভাৰত ৰাষ্ট্ৰই গ্ৰেপ্তাৰ কৰা কাণ্ডক ৰাষ্ট্ৰসংঘই দেশৰ নাগৰিক সমাজে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদক কোনোকাৰণে সহ্য নকৰাৰ বাবেই অন্যায়ভাৱে গ্ৰহণ কৰা গৈছে বুলি উল্লেখ কৰে ৷ জামিয়া মিলিয়া ইছলামিয়াৰ শিক্ষাৰ্থী চাফোৰা জাৰ্গাৰ, যি ছমাহৰ গৰ্ভৱতী তেওঁকো কোনো স্বাস্থ্যগত সুবিধা প্ৰদান নকৰাকৈ জেলত ৰাখিছিল ভাৰত চৰকাৰে ৷ অৱশ্যে চলিত মাহৰ দ্বিতীয় সপ্তাহত মানৱতাৰ খাতিৰত তেওঁক জামিন প্ৰদান কৰা হয় ৷

কাৰাবন্দী কৃষক নেতা অখিল গগৈ

ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে তেওঁলোকৰ পত্ৰখনত "সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো প্ৰমান নথকাকৈ জেলত ৰখা এইসকল মানৱ অধিকাৰ কৰ্মীক শীঘ্ৰেই মুকলি কৰি দিব লাগে" বুলি উল্লেখ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.