ETV Bharat / international

পূৱ টাইৱানত ৰে'ল দুৰ্ঘটনাত ৩৪ জনৰ মৃত্যু - পূৱ টাইৱান

পূৱ টাইৱানত সংঘটিত হ'ল ভয়াৱহ ৰে'ল দুৰ্ঘটনা । এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪ জন যাত্ৰীয়ে আৰু আহত হ'ল ২০ জনৰো অধিক যাত্ৰী । ৰে'লখনে এটা সুৰংগ অতিক্ৰম কৰাৰ পিছতে আকস্মাতে পাহাৰীয়া পথেৰে গৈ থকা এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই ৰে'লখনৰ ওপৰত পৰি যায় । এতিয়াও ৰে'লখনৰ অধিকাংশ দবা সুৰংগৰ ভিতৰতে আছে ।

পূৱ টাইৱানত ভয়াৱহ ৰে'ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪ জন যাত্ৰীয়ে

author img

By

Published : Apr 2, 2021, 7:28 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ এপ্ৰিল: পূৱ টাইৱানত ৰে'ল দুৰ্ঘটনাত প্ৰাণ গ'ল ৩৪ জন যাত্ৰীৰ । ৩৫০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ৰে'লখনে । জানিব পৰা মতে, ৰে'লখনে এটা সুৰংগ অতিক্ৰম কৰাৰ পিছতে আকস্মাতে পাহাৰীয়া পথেৰে গৈ থকা এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই ৰে'লখনৰ ওপৰত পৰি যায় । ইয়াৰ পিছতে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় । এই দুৰ্ঘটনাত ২০ গৰাকীৰো অধিক যাত্ৰী আহত হয় । ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক ।

আনহাতে, ৰে'লখনত আৱদ্ধ হৈ থকা আন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ দুৱাৰ-খিৰিকী ভাঙিবলগীয়া হৈছে । এতিয়াও ৰে'লখনৰ অধিকাংশ দবা সুৰংগৰ ভিতৰতে আছে । পুৱা ৯ বজাত টৰ্ক' জৰ্জ অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয় । হুৱালেইন কণ্টিৰ উদ্ধাৰকাৰী বিভাগৰ মতে, ৰে'লখন সুৰংগৰ পৰা ওলোৱাৰ সময়তে ট্ৰাকখন ওপৰৰ পৰা বাগৰি পৰিছিল । ফলত ৰে'লখন আৰু ট্ৰাকখনৰ যথেষ্ট ক্ষতিসাধনো হৈছিল ।

কেন্দ্ৰীয় সংবাদ সংস্থাৰ ৱেবছাইটত সম্প্ৰচাৰ কৰা দৃশ্যত দেখা গৈছে যে, মানুহে সুৰংগৰ প্ৰৱেশদ্বাৰৰ ঠিক বাহিৰৰ দিশে থকা ৰে'লখনৰ খোলা দুৱাৰৰে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছে । চাৰিদিনীয়া উৎসৱৰ প্ৰথম দিনটোতে এই দুৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে, টাইৱানত ২০১৮ চনৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল । উত্তৰ-পূব উপকূলত লাইনচ্যুত দুৰ্ঘটনাত পতিত হৈছিল ৰে'লখন ।

এই দুৰ্ঘটনাত অতি কমেও ১৮ জন যাত্ৰীৰ মৃত্যু হৈছিল আৰু প্ৰায় ২০০ জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল । ১৯৯১ চনত পশ্চিম টাইৱানত সংঘটিত হোৱা আন এক ৰে'ল দুৰ্ঘটনাত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১২ জন লোক আহত হৈছিল । পুৱাই সংঘটিত এই দুৰ্ঘটনাই কিছু পৰিমাণে হ'লেও ম্লান কৰিছে উৎসৱৰ আনন্দ ।

লগতে পঢ়ক:ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেট সচিবৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.