ETV Bharat / international

পাকিস্তানত ৰে’ল দুৰ্ঘটনা: নিহত 30

author img

By

Published : Jun 7, 2021, 12:15 PM IST

পাকিস্তানৰ সিন্ধু প্ৰদেশত দুখন ৰে’লৰ সংঘৰ্ষ ৷ দুৰ্ঘটনাত 30 জন লোক নিহত হোৱাৰ লগতে আহত হৈছে 50 জনকৈ লোক ৷ এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে ৰে’ল বিভাগে ৷

train-accident-in-pakistan-several-dead-and-injured
পাকিস্তানত ৰে’ল দুৰ্ঘটনা: নিহত 30

ইণ্টাৰনেশ্যনেল ডেস্ক,7 জুন: সোমবাৰে পাকিস্তানৰ সিন্ধু প্ৰদেশত দুখন ৰে’লৰ সংঘৰ্ষত 30 গৰাকীকৈ লোক নিহত ৷ ৰে’ল বিভাগে জনোৱা অনুসৰি ঘোটকী চহৰৰ ৰাইতী আৰু অ’বাৰো ৰে’ল ষ্টেচনৰ মাজত ‘চাৰ চৈয়দ এক্সপ্ৰেছ’ আৰু ‘মিল্লাট এক্সপ্ৰেছ’ৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে ৷

বৰ্তমানলৈকে এই দুৰ্ঘটনাত 30 গৰাকী লোক নিহত হোৱাৰ লগতে 50 গৰাকীকৈ লোক আহত হৈছে যদিও এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে ৰে’ল বিভাগে ৷

লাহোৰৰ পৰা কৰাচী যোৱাৰ পথৰ চাৰ চৈয়দ এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হোৱাৰ পিছতে মিল্লাট এক্সপ্ৰেছক খুন্দিয়ায় ৷ ইয়াৰ পিছতেই মিল্লাট এক্সপ্ৰেছ বাগৰি পৰে ৷ ফলত 13-14 টা ডবা লাইনচ্যুত হোৱাৰ লগতে প্ৰায় 6 টা ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ৷

লগতে পঢ়ক- 100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.