ETV Bharat / international

বিশ্বত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 5,65,044 লৈ বৃদ্ধি - Assam news

সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা Covid-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 25 হাজাৰৰো অধিক ব্যক্তি ৷ বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ তুলনাত ইটালী আৰু আমেৰিকাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে এই ভাইৰাচত আক্ৰান্তৰ সংখ্যা ৷ সমান্তৰালভাৱে ভাৰততো 874 লৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷

corona virus
বিশ্বত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 5,65,044 লৈ বৃদ্ধি
author img

By

Published : Mar 27, 2020, 11:31 PM IST

Updated : Mar 27, 2020, 11:37 PM IST

নিউজ ডেস্ক, 27 মাৰ্চঃ সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈ 5,65,044 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 25,262 জনলৈ বৃদ্ধি পাইছে ৷ লগতে, আৰোগ্য হৈছে 1,29,309 গৰাকী লোক৷

তদুপৰি, Covid-19ৰ আৰম্ভণি হোৱা চীনত এইপৰ্যন্ত এই ভাইৰাচত আক্ৰান্ত 81,340 গৰাকী লোক ৷ লগতে, এই মহামাৰীত 3,292 গৰাকী লোক মৃত্যুমুখত পৰিছে৷ আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰখনত এইপৰ্যন্ত আৰোগ্য হৈছে 74,588 গৰাকী ব্যক্তি ৷

স্পেইন, ফ্ৰাঞ্চ আৰু ইৰাণতো অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ বৰ্তমানলৈকে এই মহামাৰীত স্পেইনত 4,858 গৰাকী,ইৰাণত 2,378 গৰাকী আৰু ফ্ৰাঞ্চত 1,696 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

ইফালে,চীনক অতিক্ৰম কৰি ইটালীত মৃতকৰ সংখ্যা 8,215 জনলৈ বৃদ্ধি পাইছে ৷ দেশখনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও 80,589 লৈ বৃদ্ধি হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে কৰুণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ ৰাষ্ট্ৰখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 85,906 জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 1,307 জনকৈ লোক ৷ সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকাত অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাচত ৷

ইয়াৰোপৰি,পাকিস্তানত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে প্ৰায় 1,296 গৰাকী লোক ৷ লগতে,দেশখনত এইপৰ্যন্ত এই মহামাৰীত মৃত্যু হৈছে 9 গৰাকী লোক ৷ বৰ্তমানলৈ বিশ্বজুৰি 199 খন ৰাষ্ট্ৰৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷

corona virus
বিশ্বত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 5,65,044 লৈ বৃদ্ধি

বিশ্বৰ অন্য দেশৰ সমান্তৰালকৈ ভাৰততো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এইপৰ্যন্ত 874 জনলৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷ আনহাতে, এই মহামাৰীত 20 জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 73 গৰাকী লোক ৷

দেশৰ ভিৰতৰ মহাৰাষ্ট্ৰ আৰু কেৰালাত Covid 19ত আক্ৰান্ত হৈছে সৰ্বাধিক লোক ৷ মহাৰাষ্ট্ৰত 153 গৰাকী,কেৰালাত 164 গৰাকী,কৰ্ণাটকত 65 গৰাকী, তেলেংগানাত 59 জন, উত্তৰ প্ৰদেশত 41 গৰাকী, ৰাজস্থানত 50 গৰাকী, গুজৰাটত 47 জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি দেশৰ আন ৰাজ্যসমূহতো কেইবাগৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷

সমান্তৰালভাৱে,Covid-19ত আক্ৰান্ত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু মিজোৰামৰ 2 জনকৈ লোক ৷ লগতে অসমতো ইতিমধ্যে ৩০৮ জন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰে পৰীক্ষা সম্পন্ন হোৱা ২৭৭ জন লোকৰ নিগেটিভ পোৱা গৈছে । বৰ্তমানলৈ ৰাজ্যত কোনো লোক এই ভাইৰাচত আক্ৰান্ত হোৱা নাই বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷

লগতে চাওকঃ চৰকাৰৰ সিদ্ধান্তক আদৰণি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Last Updated : Mar 27, 2020, 11:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.