ETV Bharat / international

আফগানিস্তানৰ সৈতে চীনৰ মিত্ৰতা !

author img

By

Published : Oct 4, 2021, 12:14 PM IST

আফগানিস্তানৰ Bagram Airfieldত চীনা সৈন্যৰ উপস্থিতিৰ আশংকা ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই বাগৰামস্থিত আমেৰিকাৰ পূৰ্বৰ এয়াৰবেছ এৰি যোৱাৰ পাচত প্ৰথমবাৰৰ বাবে Bagram Airfieldত পোহৰ দেখাৰ পাচতে চীনা সৈন্যৰ উপস্থিতি আশংকা কৰা হৈছে ৷ অৱশ্যে তালিবানে চীনা সৈন্যৰ উপস্থিতি সন্দৰ্ভত সকলো বাতৰি অস্বীকাৰ কৰিছে ৷

Taliban deny presence of Chinese troops at Bagram Airfield
আফগানিস্তানৰ সৈতে চীনৰ মিত্ৰতা

ইণ্টাৰনেশ্যনেল ডেস্ক , 4 অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰি যোৱাৰ পাচত তালিবানে বিশ্বৰ দ্বাৰা স্বীকৃতিৰ অনুৰোধ জনাই থকাৰ মাজতে আফগানিস্তানৰ সৈতে চীনৰ মিত্ৰতাৰ বিষয়ে বিশেষ চৰ্চা লাভ কৰিছে ৷ বিশ্লেষক সকলে ছেপ্টেম্বৰত মন্তব্য কৰিছিল যে, আমেৰিকাক বিব্ৰত কৰাৰ লগতে অঞ্চলটোত প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্যে চীনে বাগৰামস্থিত আমেৰিকাৰ পূৰ্বৰ এয়াৰবেছৰ(US airbase of Bagram in Afghanistan) ওপৰত চকু ৰাখিছে ৷

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, চীনে ইতিমধ্যে আফগানিস্তানৰ নতুন তালিবান চৰকাৰৰ(Taliban government) সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুৰক্ষিত কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেও নতুন নতুন উপায় বিবেচনা কৰি আছে ৷

এইসমূহ খবৰৰ মাজতে বাগৰামৰ বাসিন্দাসকলে (Bagram residents) শনিবাৰে নিশা Bagram Airfieldত পোহৰ দেখা বুলি উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই বিমানক্ষেত্ৰ এৰি যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে শনিবাৰে নিশা পোহৰ দেখা গৈছিল ৷ এই ঘটনাৰ পাচতে Bagram Airfieldত চীনা সৈন্যৰ উপস্থিতি আশংকা কৰা হৈছে ৷

অৱশ্যে তালিবানে চীনা সৈন্যৰ উপস্থিতি সন্দৰ্ভত সকলো বাতৰি অস্বীকাৰ কৰিছে ৷ তালিবানৰ সাংস্কৃতিক আয়োগৰ এগৰাকী সদস্য Omar Mansor এ দাবী কৰে যে, সম্প্ৰতি দেশখনত চীনা সৈন্য অথবা কোনো বিদেশী সৈন্য নাই ৷ Omar Mansor এ জানিবলৈ দিয়া মতে, তালিবানৰ সদস্যসকলেহে Bagram Airfieldত লাইট জ্বলাইছিল ৷ সেয়ে স্থানীয় লোকসকলে Airfieldত পোহৰ দেখা বুলি Mansor এ জানিবলৈ দিয়ে ৷

তালিবানে আফগানিস্তানত চীনা সৈন্যৰ উপস্থিতি অস্বীকাৰ কৰিলেও Bagram air force baseত বহু লোকৰ মাত শুনাৰ লগতে এখন বিমানো দেখা গৈছিল বুলি কোনো কোনো সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ৷ এই ঘটনাৰ পাচতে বহুতে তালিবানৰ সৈতে বিদেশী শক্তি বিশেষকৈ চীন জড়িত থকাৰ আশংকা কৰিছে ৷

লগতে পঢ়ক : কাবুল : কিছুদিন পূৰ্বে অপহৃত ভাৰতীয় ব্যৱসায়ীক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.