ETV Bharat / international

ভাৰতৰ পৰা ক’ভিড প্ৰতিষেধক ক্ৰয়ৰ বাবে প্ৰস্তুত শ্ৰী লংকা

ভাৰতৰ পৰা ক’ভিড প্ৰতিষেধক ক্ৰয়ৰ বাবে প্ৰস্তুত হৈছে শ্ৰী লংকা ৷ শ্ৰী লংকাৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় 2,50,000 লোকক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক ৷

author img

By

Published : Jan 27, 2021, 6:25 PM IST

'Sri Lanka to procure 2-3 million doses of anti-COVID vaccine from India'
ভাৰতৰ পৰা ক’ভিড প্ৰতিষেধক ক্ৰয়ৰ বাবে প্ৰস্তুত শ্ৰী লংকা

নিউজ ডেস্ক,27 জানুৱাৰী: আগন্তুক দুদিনৰ ভিতৰত ভাৰতৰ পৰা প্ৰায় 2ৰ পৰা 3 মিলিয়ন অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকা ভেকচিন ক্ৰয় কৰিব শ্ৰীলংকাই ৷ ভাৰতৰ চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিওৱা এই ক’ভিড প্ৰতিষেধকবিধ ক্ৰয় কৰাৰ কথা বুধবাৰে জানিবলৈ দিয়ে শ্ৰী লংকাৰ বিষয়ববীয়াই ৷ বৃহস্পতিবাৰে ভাৰতৰ পৰা বিনামূলীয়া কৰ’ণা প্ৰতিষেধক শ্ৰী লংকা পাব বুলি জনায় শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপকছাৰ উপদেষ্টা ললিথ ৱীৰাটুংগাই ৷

শ্ৰী লংকাৰ সৰ্বমুঠ জনসংখ্যাৰ 2,50,000 লোকক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক ৷ ইয়াৰ ভিতৰত স্বাস্থ্য কৰ্মী, সুৰক্ষা বাহিনীৰ সদস্য, আৰক্ষী আৰু বয়সীয়াল ব্যক্তিসকলক সৰ্বপ্ৰথমে প্ৰদান কৰা হ’ব প্ৰতিষেধক ৷ এই প্ৰতিষেধক প্ৰদান অনুষ্ঠানৰ ড্ৰাই ৰাণ অহা 29 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব ৷

ৱীৰাটুংগাই লগতে কয় যে, শ্ৰী লংকাই ইতিমধ্যে চীনৰ পৰাও প্ৰায় 3 লাখ প্ৰতিষেধকৰ আমদানি কৰিছে ৷ ইয়াৰ উপৰিও শ্ৰী লংকা চৰকাৰে ৰাছিয়াৰ সৈতেও এই বিষয়ে কথা পাতিছে ৷

উল্লেখ্য যে, শ্ৰী লংকাত চলিত বৰ্ষৰ 26 জানুৱাৰী পৰ্যন্ত প্ৰায় 60 হাজাৰ লোক ক’ভিড 19 আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত বৰ্তমানলৈকে মৃত্যু হৈছে 288 গৰাকী লোকৰ ৷ বিগত বৰ্ষৰ মাৰ্চ মাহৰ মাজভাগত দ্বীপখনত প্ৰথমটো ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক-ট্ৰাম্পৰ চেনেল অনিৰ্দিষ্টকাললৈ বন্ধ কৰিলে ইউটিউবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.