ETV Bharat / international

বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত শ্ৰীলংকাৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই কয় যে, দ্বীপ ৰাষ্ট্ৰখনক এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ বিদেশী শক্তি নহয়, দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ নতুন সংবিধানৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Aug 11, 2020, 10:25 AM IST

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে ৰাজাপাকছাৰ আছুতীয়া সাক্ষাৎকাৰ
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছা

ইন্টাৰনেশ্যনেল ডেস্ক, 11 আগষ্ট : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ এদিন পাচতে ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ সাক্ষাৎকাৰত তেওঁ কয় যে, বহিৰাগত শক্তি নহয়, নিজ দেশবাসীৰ সকলো আশা-আকাংক্ষা বাস্তৱায়িত কৰিবৰ বাবে এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ দেওবাৰে কলম্বোৰ কেলানিয়া বৌদ্ধ মন্দিৰত কনিষ্ঠ ভাতৃ তথা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ উপস্থিতিত নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ উল্লেখ্য যে, COVID-19 ৰ সন্ত্ৰাসৰ মাজতে যোৱা সপ্তাহত শ্ৰীলংকাত আয়োজন কৰা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল ৰাজাপাকছাই ৷

2019 চনৰ নৱেম্বৰত ৰাষ্ট্ৰপতীয় নিৰ্বাচনত 52 শতাংশ ভোটেৰে বিজয় সাব্যস্ত কৰিছিল গোটাবায়া ৰাজাপাকছাই ৷ ইয়াৰ পাচতে উত্তৰ-পশ্চিমৰ জিলা কুৰুনেগালাৰ পৰা শাসনাধীষ্ঠ SLPP (Sri Lanka Podujana Party) ৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই 145 খন সংসদীয় আসন দখলেৰে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ উল্লেখ্য যে, এক প্ৰমুখ ঘোষণা অনুসৰি শ্ৰীলংকাৰ 19 সংখ্যক সংবিধানৰ সংশোধনীৰ বাবে 225 সদস্যভূক্ত সংসদৰ 150 খন আসন দখল কৰাৰ প্ৰয়োজন ৷ কিন্তু, ৰাজাপাকছাই দখল কৰে 145 খন আসন ৷

দখল কৰা আসনৰ ভিত্তিত 19 সংখ্যক সংবিধানৰ সংশোধনী সহজ হৈ পৰিব নেকি বুলি স্মিতা শৰ্মাই প্ৰশ্ন কৰে ৷ ইয়াৰ উত্তৰত তেওঁ কয়, "19 সংখ্যক সংশোধনীয়ে সুচাৰুৰূপে চৰকাৰ পৰিচালনা অসম্ভৱ কৰি তুলিছিল ৷ সেয়েহে নিৰ্বাচনত প্ৰাক্তন প্ৰশাসনক শ্ৰীলংকাৰ ৰাইজে নাকচ কৰিছিল ৷"

দহ বছৰ শাসনৰ পাচত মহিন্দ্ৰা ৰাজাপাকছাক পৰাস্ত কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল UNP (United National Party) দলৰ ক্ৰমে মৈথৰাপলি শিৰিসেনা আৰু ৰেনিল উইক্ৰেমেসিংঘেই ৷ এই সংশোধনীয়ে ৰাষ্ট্ৰপতিৰ ক্ষমতা খৰ্ব কৰিছিল আৰু 'সংশোধিত চৰকাৰ' হিচাপে নামাকৰণ কৰি এই ক্ষমতাসমূহ প্ৰধানমন্ত্ৰী আৰু সংসদৰ মাজত বিতৰণ কৰিছিল ৷

সংবিধানখনে বহিৰাগত শক্তিক সেৱা আগবঢ়োৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী ৰাজাপাকছাই ৷ তেওঁ কয়, "বহিৰাগত শক্তিক নহয়, দেশ আৰু দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰা এখন নতুন সংবিধানৰ প্ৰয়োজন শ্ৰীলংকাক ৷ সমাজৰ বিভিন্ন খণ্ডৰ ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰাৰ পাচতে এই সংশোধনী কৰিবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী ৷"

উল্লেখ্য যে, এই নিৰ্বাচনত মৈথৰাপলি শিৰিসেনা আৰু ৰেনিল উইক্ৰেমেসিংঘেই কেৱল 3 শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, UNP ৰ সৈতে মিত্ৰতা ভংগ কৰা SJB (Samagi Jana Balawegaya)ৰ সজীত প্ৰেমাদাসাই মুখ্য বিৰোধী দলে হিচাপে আত্মপ্ৰকাশ ঘটোৱাৰ লগতে দখল কৰে 54 খন আসন ৷ কিন্তু, মহিন্দ্ৰাই ৰাষ্ট্ৰপতিৰ ক্ষমতা গোটাবায়াক প্ৰদান কৰিব বিচাৰিব নে ই দুই ভাতৃৰ মাজত সংঘাতৰ সৃষ্টি কৰিব তাক লৈ সকলোৰে মাজত সন্দেহৰ উদ্বেগ হৈছে ৷

কলম্বো বন্দৰৰ Eastern Container Terminal (ECT) প্ৰজেক্ট আৰু আৰু ভাৰত আৰু জাপান দ্বিপাক্ষিক সম্পৰ্কৰ ভৱিষ্যত সম্পৰ্কত প্ৰশ্ন কৰাত প্ৰধানমন্ত্ৰী ৰাজাপাকছাই মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷ যিহেতু কেবিনেট গঠন বৰ্তমানেও হৈ উঠা নাই সেয়েহে এই সম্পৰ্কত ইমান সোনকালে মন্তব্য কৰিব নিবিচাৰে বুলি তেওঁ কয় ৷

লগতে পঢ়ক : ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.