ETV Bharat / international

বিস্ফোৰণৰ আগতীয়া তথ্য লাভ কৰিছিল শ্ৰীলংকাৰ চোৰাংচোৱা বিভাগে

author img

By

Published : Apr 22, 2019, 9:31 AM IST

দেওবাৰে চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাক জোকাৰি যায় 8টাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে ৷ বিস্ফোৰণত বিদেশী নাগৰিককে ধৰি 207 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় 400ৰো অধিক লোক ৷

শ্ৰীলংকা বিস্ফোৰণ_সৌজন্যঃ ANI

নিউজ ডেস্ক, 22 এপ্ৰিলঃ ধাৰাবাহিক বোমা বিস্ফোৰণে কপাই যোৱা শ্ৰীলংকা বিস্ফোৰণৰ ঘটনাৰ আগতীয়া সম্ভেদ লাভ কৰিছিল দেশখনৰ আৰক্ষীয়ে ৷ সংবাদ প্ৰতিষ্ঠান চিএনএনৰ উদ্ধৃতিৰে এ এন আয়ে প্ৰকাশ কৰিছে এই বাতৰি ৷

etvbharatassam
শ্ৰীলংকা বিস্ফোৰণ_সৌজন্যঃ ANI

শ্ৰীলংকা আৰক্ষীৰ ডি আই জি স্বাক্ষৰিত এক পত্ৰত সন্দেহজনক বোমা বিস্ফোৰণৰ তথ্য বিগত 11 এপ্ৰিলতে প্ৰকাশ পাইছিল ৷ চোৰাংচোৱাৰ তথ্য সম্বলিত এক পত্ৰযোগে দেশখনৰ গৃহবিভাগে আৰক্ষীৰ লগতে চোৰাংচোৱাক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু নিৰ্দেশনা পালনত আৰক্ষী তথা চোৰাংচোৱা ব্যৰ্থ হোৱাৰ বাবেই দেওবাৰে অৰ্থাৎ 21 এপ্ৰিলত আঠটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে কপাই তোলে দেশখনৰ গীৰ্জা আৰু হোটেলকে ধৰি আঠটাকৈ স্থান ৷

etvbharatassam
শ্ৰীলংকা বিস্ফোৰণ_সৌজন্যঃ ANI

"ইনফৰমেশ্বন অৱ এন এলিজদ প্লান এটেক" নামে জাৰী কৰা নিৰ্দেশনাটোত নেশ্বনছ থ্বাহিদ জামান মোহমাদ ছাহাৰান নামে সংগঠনৰ নেতৃত্বৰ দ্বাৰা দেশখনৰ বিভিন্ন স্থানত আত্মঘাতী বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ বিষয়ে প্ৰকাশ পাইছিল ৷ বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক নিজ নিজ ঠাইত তৎপৰ হৈ থাকিবলৈ কোৱা হৈছিল ৷ ৰহস্যজনকভাৱে সমগ্ৰ নিৰ্দেশনাটো এৰাই চলাৰ লগতে বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাছিল দেশখনৰ আৰক্ষী তথা চোৰাংচোৱা বিভাগে ৷

etvbharatassam
শ্ৰীলংকা বিস্ফোৰণ_সৌজন্যঃ ANI

বিষয়টো সন্দৰ্ভত দেশখনৰ প্ৰধানমন্ত্ৰী ৰানিল ৱিকৰেমেসিংহেও অৱগত হৈছিল যদিও তেওঁক এই বিষয়ে জনোৱা নাছিল দেশখনৰ চোৰাংচোৱা বিভাগে ৷ দেশখনৰ দূৰসংযোগ আৰু যোগাযোগ মন্ত্ৰী হাৰিন ফাৰ্নান্দোৱে কি কাৰণত বিষয়টো এৰাই চলাই চলা হ'ল সেই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে বিস্ফোৰণৰ 24 ঘন্টা উৱলি যোৱাৰ পিচটো এতিয়ালৈকে কোনো সংগঠনে ইয়াৰ দায়িত্ব লোৱা নাই ৷ ইতিমধ্যে দেশখনৰ বিশেষ বাহিনীয়ে ৰাজধানী চহৰ কলম্বোৰ অৰুগুৱাট্টাত অভিযান চলাই বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত সাতগৰাকী লোকক আটক কৰিছে ৷ বোমা বিস্ফোৰণৰ ফলত 30গৰাকী বিদেশী নাগৰিককে ধৰি 207গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় 400ৰো অধিক লোক ৷ সমগ্ৰ বিশ্বই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে ৷

Srilanka_blast_Apr21_1_YSS8zSJ.jpg

Blast Update Sri Lanka 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.