ETV Bharat / international

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ স্পেছ এক্সে প্ৰেৰণ কৰিলে চাৰিগৰাকী মহাকাশচাৰী - নেশ্যনেল স্পেচ কাউন্সিল

ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ চাৰি মহাকাশচাৰী প্ৰেৰণ স্পেচ এক্সৰ ৷ তিনিগৰাকী আমেৰিকান আৰু এগৰাকী জাপানী মহাকাশচাৰীৰ সৈতে কেনেডী স্পেচ চেন্টাৰৰ পৰা ৰকেটতো উৎক্ষেপন কৰা হয় ৷ ক'ৰণা অতিমাৰীৰ ভয়াবহতাৰ বাবে স্পেচ এক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী এলন মাস্কে দূৰতে ৰৈ এই উৎক্ষেপন নিৰীক্ষণ কৰে ৷

ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ স্পেচ এক্সে প্ৰেৰণ কৰিলে চাৰি মহাকাশচাৰী

author img

By

Published : Nov 16, 2020, 2:14 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 16 নৱেম্বৰ : দেওবাৰে স্পেচ এক্সে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ চাৰি গৰাকী মহাকাশচাৰীক প্ৰেৰণ কৰে ৷ প্ৰথমখন পূৰ্ণ টেক্সি ফ্লাইটত এক ব্যক্তিগত কোম্পানীৰ দ্বাৰা স্পেচ এক্সে নাছাৰ বাবে মহাকাশচাৰী কেইগৰাকীক প্ৰেৰণ কৰে ৷

তিনিগৰাকী আমেৰিকান আৰু এগৰাকী জাপানী মহাকাশচাৰীৰ সৈতে কেনেডী স্পেচ চেন্টাৰৰ পৰা ৰকেটটো গৰজি উঠে আৰু 9 মিনিট পাছত ড্ৰেগন কেপচুলটো কক্ষপথত উপনীত হয় ৷ সোমবাৰে এই কেপচুল স্পেচ ষ্টেচনত গৈ পোৱাৰ পাছত আগন্তুক বসন্তলৈকে তাতে ৰ'ব ৷

উল্লেখ্য যে ক'ৰণা অতিমাৰীৰ ভয়াবহতাৰ বাবে স্পেচ এক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী এলন মাস্কে দূৰতে থাকি এই কাৰ্য নিৰীক্ষণ কৰিবলৈ বাধ্য হৈছে ৷

কেপচুলটো কক্ষপথত অৱতৰণ কৰাৰ লগে লগে কেলিফৰ্ণিয়াৰ হথৰ্ণস্থিত স্পেচ এক্সৰ মিচন নিয়ন্ত্ৰণ কক্ষত জাউৰিয়ে জাউৰিয়ে হাত তালি বাজি উঠে ৷ এই উৎক্ষেপন প্ৰত্যক্ষ কৰাৰ বাবে নেশ্যনেল স্পেচ কাউন্সিলৰ অধ্যক্ষ মাইক পেঞ্চে ৱাশ্চিংটনৰ পৰা গৈ নাছাৰ প্ৰৱন্ধক জিম ব্ৰিডেনষ্টাইনৰ কাষত উপস্থিত হয় ৷

এয়াৰফৰ্চৰ কৰ্ণেল হপকিন্সৰ নেতৃত্বত তিনিগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক লৈ যোৱা কেপচুলটোক ৰেজিলেন্স নামেৰে নামাকৰণ কৰা হয় ৷ কেৱল কৰ'ণা মহামাৰীয়ে নহয় বৰ্ণবৈষম্য ভিত্তিক অন্যায় আৰু বিতৰ্কিত ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি এই নামাকৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত নিহত 34 বাছ আৰোহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.