ETV Bharat / international

দক্ষিণ কোৰিয়াত COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ প্ৰথমটো ঘটনা

author img

By

Published : Dec 28, 2020, 4:46 PM IST

সোমবাৰে COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ প্ৰথমটো ঘটনা পঞ্জীয়ন কৰিলে দক্ষিণ কোৰিয়াই । ইংলেণ্ডৰ পৰা দেশখনলৈ যোৱা ৩ গৰাকী ব্যক্তি COVID-19ত আক্ৰান্ত । ইংলেণ্ডত প্ৰথম পোহৰলৈ অহা COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ পূৰ্বৰ ভাইৰাছতকৈ ৭০ গুণ অধিক ।

দক্ষিণ কোৰিয়াত COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ প্ৰথমটো ঘটনা
দক্ষিণ কোৰিয়াত COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ প্ৰথমটো ঘটনা

নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : দক্ষিণ কোৰিয়াত ইংলেণ্ডৰ পৰা যোৱা ৩ গৰাকী ব্যক্তি COVID-19ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা প্ৰমাণিত হৈছে । যোৱা সপ্তাহত ইংলেণ্ডত COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হৈছিল । কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাই এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে যে, লণ্ডনত থাকি অহা দক্ষিণ কোৰিয়াৰ ৩ গৰাকী নাগৰিক দেশখনলৈ উভতি অহাৰ পিছত যোৱা ২২ ডিচেম্বৰত পৰীক্ষা কৰোৱা হৈছিল । COVID-19ৰ পৰীক্ষাত তিনিওগৰাকী আক্ৰান্ত হোৱাৰ কথা স্পষ্ট হৈ পৰে ।

কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাৰ এই বিবৃত্তি প্ৰকাশ কৰিছে ঝিনহুৱা সংবাদ গোষ্ঠীয়ে । নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা লোককেইজন বৰ্তমান কোৱাৰেণ্টাইনত আছে । যোৱা ৮ নৱেম্বৰ আৰু ১৩ ডিচেম্বৰত ইংলেণ্ডৰ পৰা দক্ষিণ কোৰিয়ালৈ অহা লোকসকল আক্ৰান্ত হয় নে নহয় সেই বিষয়ে নিশ্চিত কৰিবলৈ বৰ্তমান অনুসন্ধান চলাই থকা হৈছে ৷

এই লোকসকলৰ ভিতৰত এগৰাকী ৮০ বছৰীয়া ব্যক্তি মহামাৰীত আক্ৰান্ত হৈছে । ব্যক্তিগৰাকীৰ পৰিয়ালৰ আন ৩ গৰাকী সদস্যও COVID-19ত আক্ৰান্ত হৈছে । উল্লেখ্য যে, ইংলেণ্ডত প্ৰথম পোহৰলৈ অহা COVID-19ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ পূৰ্বৰ ভাইৰাছতকৈ ৭০ গুণ অধিক ভয়াৱহ বুলি ইতিমধ্যে ভয়াৱহ বুলি সকিয়নী দিয়া হৈছে । যোৱা ২৩ ডিচেম্বৰৰ পৰা অহা ৩১ ডিচেম্বৰলৈকে ইংলেণ্ডৰ পৰা দক্ষিণ কোৰিয়ালৈ সকলো বিমানৰ যাত্ৰা নিষিদ্ধ কৰা হৈছে ।

শেহতীয়া তথ্য মতে, দেশখনত নতুনকৈ আক্ৰান্ত হোৱা ৮০৮ জন লোকসহ মুঠ আক্ৰান্তৰ সংখ্যা ৫৭,৬৮০ জনলৈ বৃদ্ধি পাইছে । বিগত দুটা দিনত দৈনিক আক্ৰান্তৰ সংখ্যা ১০০০ জনতকৈ হ্ৰাস পাইছে । নতুনকৈ মৃত্যু হোৱা ১১ গৰাকী লোকসহ এতিয়ালৈকে ৮১৯ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:চোলেইমানিৰ সন্দেহজনক হত্যাকাৰীৰ তালিকাত আমেৰিকানৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.