ইন্টাৰনেশ্যনেল ডেক্স,27 মেঃ ভাৰত-চীন সীমান্তত চলি থকা উত্তেজনা সন্দৰ্ভত চীনৰ প্ৰতিক্ৰিয়া । ভাৰতৰ সৈতে পৰিস্থিতি সম্প্ৰতি সামগ্ৰিকভাৱে স্থিৰ আৰু নিয়ন্ত্ৰিত । আলোচনা আৰু পৰামৰ্শৰ মাজেৰে উভয় দেশৰ মাজত চলি থকা সমস্যাসমূহ সমাধানাৰ বাবে উপযুক্ত ব্যৱস্থা আৰু যোগাযোগৰ চেনেল আছে । এই মন্তব্য চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানৰ ।
'প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সম্প্ৰতি চলি থকা উত্তেজনা সন্দৰ্ভত মন্তব্য কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, সীমান্ত সম্পৰ্কীয় সমস্যাত চীনৰ স্থিতি স্পষ্ট আৰু ধাৰাবাহিক । "আমি দুয়ো দেশৰ নেতাৰ দ্বাৰা গ্ৰহণ কৰা গুৰিত্বপূৰ্ণ সহমতৰ লগতে দুয়ো দেশৰ মাজৰ বুজাবুজিৰ সিদ্ধান্তৰ কঠোৰ ভাৱে পালন কৰি আছো ।"
লগতে পঢ়ক-" নৰেন্দ্ৰ মোডীৰ ভাৰতৰ ওপৰত কোনেও চকু দিবলৈকে সাহ নকৰে ।"- ৰবি শংকৰ প্ৰসাদ