ETV Bharat / international

ইণ্ডোনেছিয়াত ভয়ংকৰ অগ্নিকাণ্ড - তেল শোধনাগাৰ কৰ্তৃপক্ষ

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশৰ এটা তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাজনো লোক আহত হয় । বজ্ৰপাতৰ ফলত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয় ।

ইণ্ডোনেছিয়াত ভয়ংকৰ অগ্নিকাণ্ড
ইণ্ডোনেছিয়াত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Mar 29, 2021, 3:14 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড । ফলত কেবাজনো লোক আহত হয় । অতিমাত্ৰা বতাহ বৰষুণত বজ্ৰপাত পৰাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিবলৈ দিয়ে তেল শোধনাগাৰ কৰ্তৃপক্ষই । এই অগ্নিকাণ্ডত কমেও ২০ জন লোক আহত হয় । তাৰ ভিতৰত পাঁচজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ শ শ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ বাবে স্থানীয় লোকসকলক উক্ত স্থানৰ পৰা স্থানান্তৰ কৰে উদ্ধাৰকাৰী দলে । অগ্নিকাণ্ডৰ সময়ত চাৰিগৰাকী স্থানীয় লোক উপস্থিত থকাৰ কথা তেল শোধনাগাৰ কৰ্তৃপক্ষই জনায় । ইতিমধ্যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তৈল কোম্পানীটোৱে জনোৱা মতে,উক্ত স্থানৰ পৰা প্ৰায় ১,০০০ বালাংগনৰ বাসিন্দাক স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক: ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ বাবে ভাৰত আৰু চীনৰ কাষ চাপিছে নেপাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.