ETV Bharat / international

অনুচ্ছেদ 370 বাতিলঃ ভাৰতৰ পক্ষত বাংলাদেশ - অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন বাংলাদেশৰ

অনুচ্ছেদ 370 বাতিলকৰণ সন্দৰ্ভত ভাৰতৰ পক্ষত থিয় দিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৷ এয়া ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে বাংলাদেশে ৷

ভাৰতৰ পক্ষত বাংলাদেশ : অনুচ্ছেদ 370 বাতিলকৰণক সমৰ্থন
author img

By

Published : Aug 21, 2019, 6:24 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 21 আগষ্ট : ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370 বাতিলকৰণ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ 'আভ্যন্তৰীণ বিষয়' ৷ জম্মু - কাশ্মীৰক প্ৰদান কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা উঠাই লোৱাটো দেশখনৰ চৰকাৰৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে চুবুৰীয়া দেশ বাংলাদেশে ৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৷

বিবৃতিযোগে চুবুৰীয়া দেশখনে কয়, নিজৰ দেশৰ আঞ্চলিক শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰাখিবৰ বাবে আৰু ইয়াৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো প্ৰতিখন দেশৰ প্ৰাধান্যতা ৷ বাংলাদেশৰ এই মন্তব্যৰ পাছতে পাকিস্তানৰ বাবে অন্য এক দুচিন্তাৰ কাৰণ হৈ পৰিছে ৷ জম্মু - কাশ্মীৰৰ বিষয়টো আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিবলৈ চেষ্টা কৰা পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই সম্পৰ্কত সহায় বিচাৰিছিল ৷ কিন্তু ইয়াৰ পৰা সুফল নোপোৱাৰ লগতে আমেৰিকা, ৰাছিয়া আৰু ফ্ৰান্সেও সহায়ৰ হাত আগবঢ়াবলৈ অসন্মতি প্ৰদান কৰে ৷

উল্লেখ্য যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে মিলিত হোৱাৰ এদিন পাছতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰাণালয়ে এই বিবৃতি প্ৰদান কৰে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.