ETV Bharat / international

Wildfire in South Korea:দক্ষিণ কোৰিয়াত ভয়ংকৰ বনজুই

author img

By

Published : Mar 5, 2022, 3:01 PM IST

দক্ষিণ কোৰিয়াৰ প্ৰায় ৩ হাজাৰ হেক্টৰ ভূমিত বিয়পি পৰিছে বনজুই (Wildfire in South Korea)। ৯০ টাকৈ বাসগৃহ জ্বলি নিঃশেষ হোৱাৰ লগতে এটা অস্থায়ী পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু এটা লিকুইফাইড প্ৰাকৃতিক গেছ প্ৰকল্পৰ প্ৰতিও ভাবুকি আহিছে । অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ।

Wildfire in South Korea
দক্ষিণ কোৰিয়াত ভয়ংকৰ বনজুই

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ মাৰ্চ : ভয়ংকৰ বনজুইৰ কৱলত দক্ষিণ কোৰিয়া (Wildfire in South Korea)। উলজিন চহৰৰ সমীপৰ পাহাৰত সূত্ৰপাত হোৱা এই বনজুই প্ৰায় ৩,০০০ হেক্টৰ ভূমিত বিয়পি পৰিছে । ৯০ টাকৈ বাসগৃহ জ্বলি নিঃশেষ হোৱাৰ লগতে এটা অস্থায়ী পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু এটা লিকুইফাইড প্ৰাকৃতিক গেছ প্ৰকল্পৰ প্ৰতিও ভাবুকি আহিছে । বনজুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে দক্ষিণ কোৰিয়া প্ৰশাসনে ।

জুই নিয়ন্ত্ৰণৰ বাবে ২০০০ ৰো অধিক অগ্নিনিৰ্বাপক বাহিনী আৰু সেনা জোৱান মোতায়েন কৰা হৈছে । শুকুৰবাৰে পুৱা উলজিন চহৰৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী বনজুই চামচিওক চহৰলৈ বিয়পি পৰা দেখা গৈছে । জুইৰ ফলত প্ৰায় ৯০ টাকৈ ঘৰ আৰু অন্যান্য অট্টালিকাসমূহ ধ্বংসস্তুপত পৰিণত হৈছে । প্ৰায় ৬,০০০ লোকক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে ।

অৱশ্যে এতিয়ালৈ এই বনজুইৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই । জুইৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দক্ষিণ কোৰিয়া প্ৰশাসনে জনোৱা মতে প্ৰচণ্ড বতাহ আৰু শুকান পৰিৱেশৰ বাবে বনজুই দ্ৰুতগতিত আন স্থানলৈ বিয়পি পৰিছে । শনিবাৰে পুৱালৈকে, জুই নিয়ন্ত্ৰণৰ বাবে শ শ অগ্নিনিৰ্বাপক বাহিনী বাহনৰ লগতে ৫১ খন হেলিকপ্টাৰ আৰু ২৭৩ খন বাহন ব্যস্ত হৈ পৰিছে ।

লগতে পঢ়ক :ইউক্ৰেইনৰ পাৰমাণৱিক শক্তি প্ৰকল্পত গুলীচালনা : তোলপাৰ লাগিছে বিশ্ব ৰাজনীতিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.