ETV Bharat / international

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত যুদ্ধৰ দামামা !

author img

By

Published : May 3, 2020, 12:30 PM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ মাজতেই উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ । দুয়োখন দেশৰ সীমান্তত বিৰাজমান এতিয়া উত্তেজনাময় পৰিৱেশৰ । দুয়োখন দেশৰ মাজত গুলীবৰ্ষণৰ ঘটনা ।

S Korea says troops exchange fire along N Korean border
S Korea says troops exchange fire along N Korean borderS Korea says troops exchange fire along N Korean border

নিউজ ডেস্ক, ৩ মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ মাজতেই যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দুয়োখন দেশৰ সীমান্তত ।

দক্ষিণ কোৰিয়াৰ পৰা শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ সেনালৈ লক্ষ্য কৰি গুলচীলনা কৰাৰ কথা প্ৰকাশ কৰিছে । চিয়োলত দক্ষিণ কোৰিয়াৰ সেনাৰ মুখ্য যুটীয়া বিষয়াই প্ৰকাশ কৰা অনুসৰি, উত্তৰ কোৰিয়াই প্ৰথমে দক্ষিণ কোৰিয়াৰ সীমান্তৰ সেনা চাৱনিলৈ গুলীচালনা কৰিছিল । যাৰ প্ৰত্যুত্তৰতে দক্ষিণ কোৰিয়াই সকীয়নি হিচাপে দুই জাই গুলীবৰ্ষণ কৰাৰ কথা উল্লেখ কৰে । উত্তৰ কোৰিয়াৰ এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলি উল্লেখ কৰা হৈছে ।

সেনাৰ ফালৰ পৰা এক বিবৃতি প্ৰদান কৰিয়ে এই কথা উল্লেখ কৰা হয় । য'ত দক্ষিণ কোৰিয়াই সকীয়নি প্ৰদান কৰাৰ বাবেহে দুই জাই গুলীবৰ্ষণ কৰা বুলি প্ৰকাশ কৰা হৈছে । উত্তৰ কোৰিয়াৰ গুলীচালনাত দক্ষিণ কোৰিয়াৰ কোনো লোক হতাহত হোৱা নাই বুলিও জানিবলৈ দিয়ে ।

উল্লেখ্য় যে, শেহতীয়াকৈ সংবাদ মাধ্য়মত প্ৰচাৰ হৈ থকা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ মৃত্যুৰ সকলো খবৰক বিৰাম লগাই শনিবাৰে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক ২০ দিনৰ অন্তত এক সাৰ্বজনিক স্তৰত দেখা পোৱা গৈছিল । য'ত ৰঙা ফিটা কাটি থকা দেখা পোৱা গৈছিল শাসকগৰাকীক । কিন্তু ইয়াৰ এদিন পাচতেই দেওবাৰে সীমান্তত গুলীবৰ্ষণৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে বিভিন্ন মহলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.