ETV Bharat / international

ছাইবেৰিয়ান অঞ্চলত নিখোজ ৰাছিয়াৰ এণ্টনভ এএন-২৮ বিমান - ৰাছিয়াৰ যাত্ৰীবাহী বিমান নিখোজ

শুকুৰবাৰে চাইবেৰিয়ান অঞ্চল টমস্কৰ ওপৰেৰে উৰা মাৰি থকা অৱস্থাত ৰাডাৰৰ পৰা বাহিৰ হয় ৰাছিয়াৰ এণ্টনভ এএন-২৮(Antonov An-28) বিমান ৷ যাত্ৰীবাহী বিমানখনত ১৩ ৰ পৰা ১৭ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

russian-plane-goes-missing-in-siberia
ছাইবেৰিয়ান অঞ্চলত নিখোজ হ’ল ৰাছিয়াৰ এণ্টনভ এএন-২৮ বিমান
author img

By

Published : Jul 16, 2021, 10:46 PM IST

Updated : Jul 16, 2021, 11:00 PM IST

ইন্টাৰনেছনেল ডেস্ক, 16 জুলাই : শুকুৰবাৰে, ১৭ জন লোকক কঢ়িয়াই নিয়া ৰাছিয়াৰ এণ্টনভ এএন-২৮(Antonov An-28) যাত্ৰীবাহী বিমানখন চাইবেৰিয়ান অঞ্চল টমস্কৰ ওপৰেৰে উৰা মাৰি থকা অৱস্থাত ৰাডাৰৰ পৰা নিখোজ হয় । টমস্ক অঞ্চলৰ কেড্ৰোভি চহৰৰ পৰা টমস্কৰ আঞ্চলিক ৰাজধানীলৈ উৰা মাৰিছিল বিমানখনে ৷ বিমানখনত ১৩ ৰ পৰা ১৭ গৰাকী যাত্ৰী আছিল বুলি টাছ্ (TASS) আৰু আৰআইএ( RIA) নামৰ সংবাদ সংস্থা(news agency) দুটাৰ বাতৰিত প্ৰকাশ পায় ।

অৱশ্যে, শেহতীয়া সংবাদ মতে বিমানখনৰ যাত্ৰী সকল সুৰক্ষিত অৱস্থাত আছে ৷ এই ঘটনাৰ প্ৰায় দুসপ্তাহৰ পূৰ্বে এক অনুৰূপ ঘটনাত এণ্টনভ এএন-২৬ নামৰ বিমানখনে এটা শিলত খুন্দা মাৰিছিল ৷ পাইলটে(pilot) আকাশমাৰ্গ সঠিক ভাৱে দেখা নোপোৱা পৰিস্থিতিৰ উদ্ভৱ হোৱাত এই ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ ফলত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী অৰ্থাৎ ২৮ গৰাকী লোকৰ মৃত্যু হৈছিল । ৰাছিয়াৰ পূব অংশৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছিল এই ভয়াৱহ দূৰ্ঘটনা ৷

ৰাছিয়াৰ সুদূৰ পূবৰ দূৰৱৰ্তী কামচাটকা উপদ্বীপত একেধৰণৰ এণ্টনভ এএন-২৬ নামৰ এখন বিমান কম দৃশ্যমানতাৰ পৰিস্থিতিত এটা শিলত খুন্দা মৰাৰ দুসপ্তাহৰো কম সময়ৰ পিছত এই প্ৰতিবেদনসমূহ আহিছে, যাৰ ফলত বিমানখনত থকা ২৮ জন লোকৰ মৃত্যু হৈছে।

একেধৰণে টমস্কৰ ওপৰেৰে উৰামৰা অৱস্থাত ২০১২ চনত এণ্টনভ-২৮ বিমানখনে কামচাটকা অৰণ্যত খুন্দা মাৰিছিল য'ত ১০ জন যাত্ৰীৰ মৃত্যু হৈছিল । অনুসন্ধানৰ পিছত পোহৰলৈ আহিছিল যে, দুৰ্ঘটনাটোৰ সময়ত দুয়োজন পাইলটে সুৰামত্ত অৱস্থাত আছিল । শেহতীয়া, বছৰবোৰত ৰাছিয়াৰ বিমান সুৰক্ষাৰ মানদণ্ড উন্নত হৈছে কিন্তু দূৰৱৰ্তী অঞ্চলত পুৰণি বিমানৰ সৈতে যাত্ৰা কৰাৰ বাবে প্ৰায়ে এইদৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

Last Updated : Jul 16, 2021, 11:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.