ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাক ক্ষণত COVID-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা অধিক কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে ছিডনীত । নিউ চাউথ ৱেলছৰ প্ৰিমিয়াৰ গ্লেডিজ বেৰেজিক্লিয়ানে সকলোকে ঘৰতে থাকি নৱবৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনাইছে । বুধবাৰে COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা ১০টা ঘটনা পঞ্জীয়ন কৰা হৈছে ছিডনীত ।
বৃহত্তৰ ছিডনীত থকা একো একোটা বাসগৃহত একেলগে কেৱল ৫ গৰাকী অতিথি একত্ৰিত হোৱাত অনুমতি প্ৰদান কৰা হৈছে । ছিডনী হাৰ্বাৰ ফৰছ'ৰত আতচবাজী চোৱাতো বাধা আৰোপ কৰা হৈছে । ঘৰৰ বাহিৰত একেটা স্থানতে ৩০ জনতকৈ অধিক লোক একত্ৰিত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ছিডনীৰ উত্তৰ দিশত সমুদ্ৰ তীৰত COVID-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছতে এই নতুন নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
লগতে পঢ়ক:নোমাল গঁড় দেখিছেনে ? খহতা,ডাঠ ছালৰ গঁড়ৰ গাত নোম !