ETV Bharat / international

ম্যানমাৰত আং চান চ্যুকীক আটক

author img

By

Published : Feb 1, 2021, 11:18 AM IST

Updated : Feb 1, 2021, 5:11 PM IST

ম্যানমাৰৰ ৰাজ্যিক পৰামৰ্শদাতা আং চান চ্যুকীক আটক কৰা হয় । চৰকাৰ আৰু সামিক বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ ফলত আটক কৰা হয় । ম্যানমাৰৰ সংবাদ মাধ্যমে অচিনাক্ত সূত্ৰৰ ভিত্তিত জনোৱা অনুসৰি, আং চান চ্যুকী আৰু তেওঁৰ দলৰ সভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে ।

ম্যানমাৰত আং চান চ্যুকীক আটক
ম্যানমাৰত আং চান চ্যুকীক আটক

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী: সোমবাৰে পুৱা ম্যানমাৰৰ ৰাজ্যিক পৰামৰ্শদাতা আং চান চ্যুকীক আটক কৰা হয় । চৰকাৰ আৰু সামৰিক বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ ফলত আটক কৰা হয় । ম্যানমাৰৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি,আং চান চ্যুকী আৰু তেওঁৰ দলৰ সভাপতিক আটক কৰা হৈছে । ঘটনা সন্দৰ্ভত এই মূহূৰ্তলৈ বিতং তথ্য লাভ কৰা হোৱা নাই ।

সামৰিক শাসনৰ বিৰুদ্ধে যোৱা এক দশক ধৰি অহিংস সংগ্ৰাম অব্যাহত ৰাখি দেশখনৰ নেতা হৈছিল 75 বছৰীয়া আং চান চ্যুকী । চ্যুকী দেশখনৰ প্ৰধান ৰাজনীতিবিদ । যোৱা নৱেম্বৰৰ নিৰ্বাচনত তেওঁৰ দলে সংসদৰ উচ্চ আৰু নিম্ন সংসদৰ 476 খন আসনৰ ভিতৰত মুঠ 396 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু 2008ত গ্ৰহন কৰা সংবিধানৰ সংশোধনী প্ৰস্তাৱ অনুসৰি, জৰুৰীকালীন অৱস্থাত দেশৰ সামৰিক বাহিনীৰ মুঠ আসনৰ 25 শতাংশ আসন লাভ কৰে আৰু সামৰিক নিয়োগৰ বাবে কেবাটাও মন্ত্ৰীত্বৰ পদ সংৰক্ষিত কৰি ৰখা হৈছিল । সামৰিক বাহিনীৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হৈছিল । ৰাজ্যিক কেন্দ্ৰীয় নিৰ্বাচন আয়োগে যোৱা সপ্তাহত এই অভিযোগক নস্যাৎ কৰাত ইয়াক সঁচা প্ৰমাণত ব্যৰ্থ হয় সামৰিক বাহিনীটো ।

ৰাজধানীত সম্প্ৰতি ফোন আৰু ইন্টাৰনেট সেৱাৰ সকলো যোগাযোগ বন্ধ কৰি দিয়া হৈছে । ফলত দলটোৰ সৈতে যোগাযোগত বিফল সকলো ।

মংগলবাৰে সাপ্তাহিক সাংবাদিক সন্মিলনত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সামৰিক বাহিনীৰ মুখপাত্ৰ মেজৰ জেন জাও মিন টানে সামৰিক বাহিনীয়ে সংবিধানৰ আইন অনুসৰণ কৰিবলৈ কোৱাত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পায় । সমান্তৰালভাৱে বুধবাৰে মুখ্য কামাণ্ডাৰ জেন মিন আং হলেঙেও আইনৰ নীতি-নিয়ম সঠিকভাৱে বলৱৎ নকৰিলে ইয়াক প্ৰত্যাহাৰ কৰা হ'ব বুলি মন্তব্য কৰিছিল ।

ইফালে দেশখনৰ ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক:নেপালে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ দায়িত্ব দিছে ভাৰতৰ সতলুজ জলবিদ্যুৎ নিগমক

Last Updated : Feb 1, 2021, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.