ইণ্টাৰনেশ্যনেল ডেস্ক, 23 আগষ্ট : তালিবানে আফগানিস্তানত পুনৰ নিজৰ অস্তিত্ব সুদৃঢ় কৰাৰ লগে লগে ৰাষ্ট্ৰখনত পাগুৰি(turban) আৰু হিজাব(hijab)ৰ মূল্য বৃদ্ধি পোৱাৰ লগতে বিক্ৰীও পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৷ কাবুলৰ দোকানীসকলে পাগুৰি আৰু হিজাবৰ মূল্য আৰু বিক্ৰী দুয়োটাই বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে ৷ অৱশ্যে আফগান সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, হিজাব আৰু পাগুৰি পৰিধান কৰা সন্দৰ্ভত তালিবানে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও আফগানিস্তানৰ কিছু লোকে পৰম্পৰাগতভাৱে হিজাব আৰু পাগুৰি পৰিধান কৰাটো পচন্দ কৰে ৷
কাবুলৰ এজন হিজাব বিক্ৰেতা ফৈজ আঘাৰ মতে বিগত কিছু দিনৰ পৰা পাগুৰিৰ বিক্ৰী বৃদ্ধি পাইছে ৷ তেওঁ কয় যে, পূৰ্বে এদিনত মাত্ৰ চাৰি বা পাঁচটা হিজাব বিক্ৰী হোৱাৰ পৰিৱৰ্তে তালিবান উভতি অহাৰ পাচত তেওঁ দিনে 15ৰ পৰা 17টা লৈকে হিজাব বিক্ৰী কৰিছে ৷ নিয়ামাতুল্লা নামৰ অন্য এজন দোকানীয়ে হিজাবৰ মূল্যও পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ
কাবুলৰ এজন পাগুৰি বিক্ৰেতা আব্দুল মালিকে জানিবলৈ দিয়া মতে, তালিবান উভতি অহাৰ পূৰ্বে তেওঁ দিনে 6 ৰ পৰা 7টা হিজাব বিক্ৰী কৰিছিল যদিও এতিয়া তেওঁ দিনে 20টা লৈকে হিজাব বিক্ৰী কৰে ৷ মালিকৰ মতে গুণগত মানদণ্ড বিবেচনা কৰি একো একোটা পাগুৰিৰ মূল্য 300ৰ পৰা 3,000 টকালৈ হয় ৷
কাবুল চহৰৰ 11th আৰক্ষী জিলাৰ বাসিন্দা আব্দুল জাব্বাৰে কয় যে, পূৰ্বে তেওঁ 6ৰ পৰা 7টা পাগুৰি বিক্ৰী কৰাৰ পৰিৱৰ্তে বৰ্তমান 30 টা পৰ্যন্ত পাগুৰি কৰিবলৈ সক্ষম হৈছে ৷ তানিবানে জোৰ নকৰা স্বত্তেও তেওঁ নিজেও পাগুৰি পৰিধানৰ প্ৰতি আগ্ৰহী বুলি জাব্বাৰে মন্তব্য কৰে ৷ জানিব পৰা মতে, হিজাব আৰু পাগুৰিৰ উপৰিও এনে কিছুমান অন্য বিষয়ো আছে, যি সন্দৰ্ভত নতুন তালিবান চৰকাৰ স্থাপনৰ পিছত সিদ্ধান্ত লোৱা হ'ব ৷
লগতে পঢ়ক : তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়