ETV Bharat / international

প্ৰধানমন্ত্ৰী অলিক দলৰ পৰা বহিষ্কাৰ

author img

By

Published : Jan 24, 2021, 10:47 PM IST

নেপাল কমিউনিষ্ট দলৰ পৰা বহিষ্কাৰ কৰা হ'ল নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক ৷ দলৰ সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ অলিক ৷ একপক্ষীয়ভাৱে সংসদ ভংগৰ সিদ্ধান্ত লোৱাৰ পাছতে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত অলিক দলৰ পৰা বহিষ্কাৰ ৷ দেওবাৰে অনুষ্ঠিত স্থায়ী সমিতিৰ এক বৈঠকত অলিৰ বিৰুদ্ধে উক্ত সিদ্ধান্ত লোৱা হয় ৷

প্ৰধানমন্ত্ৰী অলিক দলৰ পৰা বহিস্কাৰ
প্ৰধানমন্ত্ৰী অলিক দলৰ পৰা বহিস্কাৰ

নিউজ ডেস্ক, 24 জানুৱাৰী: 20 ডিচেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী কে. পি শৰ্মা অলিয়ে একপক্ষীয়ভাৱে সংসদ ভংগৰ সিদ্ধান্ত লোৱাৰ পাছতে নেপাল কমিউনিষ্ট পাৰ্টী প্ৰায় দুভাগত বিভক্ত হৈ পৰিছে ৷ অনুষ্ঠানিকভাৱে দলটো দুই ভাগত বিভক্ত ন'হলেও দলৰ ভিতৰত কলহ তথা বিভাজন হোৱাৰ কথাষাৰ প্ৰায় নিশ্চিত হৈ পৰিছে ৷

প্ৰধানমন্ত্ৰী অলিৰ সিদ্ধান্তৰ পাছতে নেপাল কমিউনিষ্ট দলে দুটা দলৰ দৰে আচৰণ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰথমটো দলৰ নেতৃত্বত প্ৰধানমন্ত্ৰী গৰাকী নিজে থকাৰ বিপৰীতে অন্যটো দলক নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল উৰফে প্ৰচণ্ড আৰু মাধৱ কুমাৰে ৷ নিৰ্বাচন আয়োগৰ স্বীকৃতিলৈ অপেক্ষা কৰি থকাৰ পৰিপ্ৰেক্ষিততে দুয়োটা দলেই এতিয়া একে নামৰ বেনাৰত দেশখনৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা দেখা গৈছে ৷

এইসমূহৰ মাজতে প্ৰচণ্ড নেতৃত্বাধীন দলটোৱে অলিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ দেওবাৰে অনুষ্ঠিত স্থায়ী সমিতিৰ এখন বৈঠকত দলটোৱে অলিক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দলৰ মুখপাত্ৰ নাৰায়ণ কাজি শ্ৰেষ্ঠাই সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে ৷

অলিক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি দলটোৱে জানিবলৈ দিয়ে যে, দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত তেওঁ দলৰ পৰা বহিষ্কাৰ হোৱাৰ যোগ্য ৷ দেওবাৰে অনুষ্ঠিত বৈঠকত দলৰ সাধাৰণ সদস্য পদৰ পৰাও অলিক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দি দলৰ এগৰাকী অন্যতম নেতা পম্ফা ভূচলে মন্তব্য কৰে যে "তেওঁ বৰ্তমান দলৰ এগৰাকী সাধাৰণ সদস্যৰ পদতো নাই ৷"

লগতে পঢ়ক:অমিত শ্বাহৰে সাক্ষাৎ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.