ইন্টাৰনেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : পাকিস্তানৰ সন্ত্ৰাসবাদ নিৰ্মূল আৰক্ষী শাখাই জানিবলৈ দিয়া অনুসৰি, পূৱ পাঞ্জাৱত এক অপাৰেছনত নিহত হৈছে দুই সন্ত্ৰাসবাদী ৷
শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আৰক্ষীয়ে কয় যে, সন্ত্ৰাসবাদী দুটাই ডেৰা গাজী খান জিলাত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ সন্ত্ৰাসবাদ নিৰ্মূল আৰক্ষী শাখাৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, চোতি বালা নামৰ স্থানৰ পৰা আৰক্ষীলৈ সন্ত্ৰাসবাদী কেইটাই গুলীচালনা কৰিছিল ৷
ইয়াৰ পাচতে দুয়ো পক্ষৰ পাচত গুলীবৰ্ষণ হোৱাৰ ফলত দুই সন্ত্ৰাসবাদী নিহত হয় যদিও দুটা পলাই হাৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে সেই স্থানৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷
লগতে পঢ়ক : মেক্সিকোত বানত নিহতৰ সংখ্যা 19 লৈ বৃদ্ধি