নিউজ ডেস্ক, 21 চেপ্তেম্বৰঃ লোকচানৰ চৰম সীমাত উপনীত হৈছে পাকিস্তানৰ চৰকাৰী খণ্ডৰ বিমান পৰিবহনকাৰী সংস্থা পাকিস্তান ইন্টাৰনেশ্বনেল এয়াৰলাইনছ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক আৰু ৰাজনৈতিক তথা অন্যান্য বিভিন্ন কূটনৈতিক বিতৰ্কৰ কুফল লাভ কৰিছে দেশখনৰ চৰকাৰী বিমান পৰিবহনকাৰী সংস্থাটোৱে ৷ পাকিস্তানৰ পৰা প্ৰকাশিত চৰকাৰী হিচাপত প্ৰকাশ পাইছে এই তথ্য ৷
চৰকাৰী প্ৰতিবেদন অনুসৰি, 2016-17 বৰ্ষৰ পৰা বৰ্তমানলৈ পাকিস্তানৰ হিচাপত 180 মিলিয়ন লোকচানৰ সন্মুখীন হৈছে পিআইএ ৷ এই সময়খিনিত ইছলামাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা 46 খন বিমান যাত্ৰী অবিহনেই উৰা মাৰিছিল ৷ ইয়াৰ ভিতৰত 36 খন অতিৰিক্ত বিমানে হজ আৰু উমৰাহলৈ যাত্ৰী অবিহনে উৰা মাৰিছিল ৷ যাত্ৰীৰ অনুপস্থিতি সন্দৰ্ভত পিআইএ কৰ্তৃপক্ষ অৱগত আছিল যদিও কোনোধৰণৰ তদন্ত নাইবা নিৰ্দেশনা জাৰি কৰা হোৱা নাছিল ৷ চৰকাৰী নথিত এয়া গা-এৰা মনোভাৱৰ বাবেই হোৱা বুলি পঞ্জীভুক্ত কৰে পাকিস্তান ইন্টাৰনেশ্বনেল এয়াৰলাইনছৰ উচ্চপদস্থ বিষয়াই ৷
উল্লেখ্য যে, পাকিস্তানৰ চৰকাৰী খণ্ডৰ বিভিন্ন শিতানে বিগত বৰ্ষসমূহত অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈ আহিছে ৷ দেশখনৰ বিভিন্ন স্থানত বিত্তীয় ঘাটিয়ে চৰম সীমা চুইছে ৷ এনে অৱস্থাত দেশখনৰ চৰকাৰী বিমান পৰিবহন খণ্ডত 180 মিলিয়ন লোকচান ভৰি 46খনকৈ বিমান যাত্ৰী অবিহনেই উৰণৰ অনুমতি দিছিল পিআইএৰ অনভিজ্ঞ এইসকল শীৰ্ষ বিষয়াই ৷ এই ঘাটিৰ পিচতেই পাকিস্তানে সমগ্ৰ বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ লগতে বিমান পৰিবহন খণ্ডৰ সৈতে জড়িত থকা 1000 কৰ্মচাৰীক অৱসৰ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ৷