ETV Bharat / international

পাক- প্ৰধানমন্ত্ৰী ইমাৰাণ খানক পদত্যাগৰ দাবী পি ডি এমৰ - পাকিস্তান ডেমক্ৰেটিক মুভমেন্ট

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী মিত্ৰজোঁটৰ দল । ইমাৰাণ খানক পদত্যাগৰ দাবী পাকিস্তান ডেমক্ৰেটিক মুভমেন্ট চমুকৈ PDM ৰ প্ৰধান মৌলানা ফজলুৰ ৰহমানৰ ।

মৌলানা ফজলুৰ ৰহমান
মৌলানা ফজলুৰ ৰহমান
author img

By

Published : Jan 2, 2021, 5:54 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী মিত্ৰজোঁটৰ দল । ইমৰাণৰ খান চৰকাৰৰ পৰা মুক্তি পোৱাৰ কথা নিশ্চিত হৈ পৰিছে PDMৰ । বিৰেধী পক্ষৰ আন্দোলনে কেৱল ইমৰাণ খান নেতৃত্বাধীন চৰকাৰখনত প্ৰভাৱ পৰাৰ উপৰিও তেওঁৰ দলৰ সমৰ্থকসকলৰ ওপৰতো প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে পাকিস্তান ডেমক্ৰেটিক মুভমেন্ট চমুকৈ PDMৰ প্ৰধান মৌলানা ফজলুৰ ৰহমানে ।

ৰাৱলপিণ্ডিত অনুষ্ঠিত PDMৰ এক বৈঠকত PDMৰ প্ৰধান ৰহমানে ইমাৰাণ খানক পদত্যাগৰ দাবী জনায় । যদিহে এই দাবী ইমাৰাণ খানে গ্ৰহণ নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে PDMৰ নেতৃত্বত ইছলামাবাদত এক বৃহৎ ৰেলীৰ হুংকাৰ দিয়ে ।

লগতে আগন্তুক উপ-নিৰ্বাচনত বিৰোধী PDMএ প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু চিনেট নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা এই মূহূৰ্তলৈ স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে নেতাগৰাকীয়ে । পূৰ্বৰ তুলনাত PDM শক্তিশালী হৈ উঠিছে । ইমৰাণ নেতৃত্বাধীন চৰকাৰখনৰ পৰা মুক্তি পোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে । বিৰোধী সাংসদসকলৰ পদত্যাগ মিত্ৰদলৰ তৰফৰ পৰা ইতিমধ্যে ৩১ ডিচেম্বৰত দলৰ নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে ।

ইছলামাবাদত নে ৰাৱলপিণ্ডিত ৰেলী আয়োজন কৰিব সেই সম্পৰ্কেও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে পাক সেনাৰ মুখ্য কাৰ্যালয় ৰাৱলপিণ্ডি । এই আন্দোলনৰ দিক-নিৰ্দেশনা কেৱল সমৰ্থনযোগ্য হ'ব নালাগিব, সমৰ্থনকাৰীসকলৰ বিৰুদ্ধেও হ'ব লাগিব । লগতে তেওঁ কয় যে ১৯ জানুৱাৰীত ইছলামাবাদত মিত্ৰজোঁটে নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় জবাবদিহী ব্যু'ৰ চমুকৈ NABৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিব প্ৰতিবাদ ।

ইয়াৰেপৰি পাক-সেনা সন্দৰ্ভতো কয় যে সেনাৰ সকলো দায়িত্ব-কৰ্মৰাজিৰ কথা মিত্ৰ দলটোৱে সসন্মানে বুজে ; কিন্তু যেতিয়া কোনো ৰাজনৈতিক দলত ৰক্ষা শক্তিয়ে কেতবোৰ কথাত হস্তক্ষেপ কৰে তেতিয়া ইয়াক বুজাত কিছু অসুবিধাৰ সৃষ্টি হয় বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ভৱন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগঃ ৭ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.