ETV Bharat / international

পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

সোমবাৰে পাকিস্তানৰ কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জ বিল্ডিঙত সংঘটিত হয় সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ ৷ এই আক্ৰমণৰ ফলত 9গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Jun 29, 2020, 3:19 PM IST

পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত
পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

নিউজ ডেস্ক, 29 জুন : সোমবাৰে দিনৰ ভাগত পাকিস্তানৰ কৰাচীত সংঘটিত হয় ভয়াৱহ আক্ৰমণ ৷ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত আক্ৰমণত 3 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে 9 গৰাকী লোকে প্ৰাণ হেৰুৱায় ৷

পাকিস্তান ষ্টক এক্সচেঞ্জৰ কাৰ্যালয়

কৰাচীস্থিত পাকিস্তান ষ্টক এক্সচেঞ্জ বিল্ডিঙত সংঘটিত হয় এই আক্ৰমণ ৷ চাৰিগৰাকী সন্ত্ৰাসবাদীয়ে অট্টালিকাটোত প্ৰৱেশ কৰি নিৰ্বিচাৰে ধাৰাসাৰ গুলিচালনা কৰে ৷ ঘটনাৰ পিচতে কৰাচী ষ্টক এক্সচেঞ্জত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় ৷

ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ দল

ইতিমধ্যে ঘটনাস্থলীত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ লগতে তদন্তকাৰী বাহিনীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ পাকিস্তানৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, চাৰিগৰাকী সন্ত্ৰাসবাদীয়ে দুপৰীয়াৰ ভাগত কাৰ্যালয়টোত প্ৰৱেশ কৰি ধাৰাসাৰে গুলিচালনা কৰে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তিনিগৰাকী সন্ত্ৰাসবাদীক নিধন কৰাৰ লগতে এতিয়াও এটা সন্ত্ৰাসবাদী কাৰ্যালয়টোৰ ভিতৰত আৱদ্ধ হৈ আছে বুলি জনাইছে ৷

পাকিস্তান ষ্টক এক্সচেঞ্জ আক্ৰমণ সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে পাকিস্তানী সাংবাদিকৰে বাৰ্তালাপ

ইতিমধ্যে পাকিস্তানৰ নিৰাপত্তা সংস্থাই কাৰ্যালয়টো খালী কৰাৰ লগতে ষ্টক এক্সচেঞ্জক কৰ্মৰত লোকসকলক নিৰাপদে বাহিৰলৈ উলিয়াই আনিছে ৷ কাৰ্যালয়টোৰ মুখ্য দ্বাৰত প্ৰথমে গ্ৰেণেডেৰে আক্ৰমণ কৰি ভিতৰত প্ৰৱেশ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে ৷ এখন টয়োটা কৰোলা বাহনেৰে আহিছিল সন্ত্ৰাসবাদীৰ দলটো ৷ এই আক্ৰমণৰ ফলত কাৰ্যালয়টোৰ বাহিৰত থকা পাকিস্তান আৰক্ষীৰ এগৰাকী লোক আৰু দুগৰাকী সুৰক্ষাকৰ্মী আহত হয় ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পাকিস্তান ষ্টক এক্সচেঞ্জৰ নিৰ্দেশক আবিদ আলি হাবিবে ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে কাৰ্যালয়টোৰ পাৰ্কি প্লেচৰ পৰা আহি মুখ্য প্ৰৱেশদ্বাৰৰ পৰাই ধাৰাসাৰে গুলিচালনা কৰিবলৈ লয় আৰু কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰে ৷

ঘটনা সন্দৰ্ভত পাকিস্তান ষ্টক এক্সচেঞ্জৰ নিৰ্দেশকৰ মন্তব্য

বৰ্তমান সময়লৈকে ঘটনাস্থলীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলিয়াগুলি অব্যাহত আছে ৷ ঘটনাৰ ফলত আহত লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু ভিতৰত আৱদ্ধ লোকসকলক কাৰ্যালয়টোৰ পিচদুৱাৰেদি সুকলমে বাহিৰলৈ উলিয়াই অনা হৈছে ৷ পাকিস্তানৰ বাণিজ্যিক মুখ্য়ালয়ত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিচতেই ঘটনাস্থলীত পাকিস্তান সেনাৰ বিশেষ বাহিনীৰ দলো মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰ পূৰ্বেও পাকিস্তানৰ বহুকেইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল ৷ বিগত বৰ্ষত ছবাৰকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল পাকিস্তান ৷ এই আক্ৰমণত পাকিস্তানৰ প্ৰায় 65 গৰাকী লোক নিহত হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.