ETV Bharat / international

ভাৰতীয় সীমান্তৰ ওচৰত চীনত নিৰ্মিত মিছাইল স্থাপন পাকিস্তানৰ - লাহোৰ চহৰৰ সীমামূৰীয়া অঞ্চলত স্থাপন মিছাইল

ভাৰত-পাকিস্তানৰ নিয়ন্ত্ৰণ ৰেখাত মিছাইল স্থাপন কৰিছে পাকিস্তানে ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজ অব্যাহত ৰখাৰ সময়তে পাকিস্তানৰ এই কাণ্ডই উদ্বিগ্নতা বৃদ্ধি কৰিছে সীমান্ত ৷

উদ্বিগ্নতা বৃদ্ধি পাইছে সীমান্তত
ভাৰতীয় সীমান্তৰ ওচৰত চীনত নিৰ্মিত মিছাইল স্থাপন পাকিস্তানৰ
author img

By

Published : Apr 27, 2020, 9:23 PM IST

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : সমগ্ৰ বিশ্বই COVID-19 আতংকৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ সময়তে পাকিস্তানে নিৰৱে 'ষ্ট্ৰেটেজিক মিছাইল চিষ্টেম' ভাৰতীয় সীমান্তৰ ওচৰত স্থাপন কৰিছে ৷ বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে, নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ সৈতে উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলতে পাকিস্তানে ভাৰতীয় সীমান্তৰ ওচৰত মিছাইল সাজু কৰিছে ৷

ইটিভি ভাৰতক এজন জ্যেষ্ঠ সেনা বিষয়াই জানিবলৈ দিয়ে, "আমাৰ ছেটেলাইটৰ আলোকচিত্ৰৰ পৰা এয়া দেখিবলৈ পাইছো যে, পাকিস্তানে তেওঁলোকৰ মিছাইল চিষ্টেম ভাৰতীয় সীমান্তৰ তেনেই ওচৰত স্থাপন কৰিছে ৷ পাকিস্তানৰ LY-80 strategic missile system বৰ্তমান ভাৰত-পাকিস্তান সীমান্তৰ প্ৰায় 22.53 কিলমিটাৰ নিলগৰ লাহোৰ চহৰৰ সীমামূৰীয়া অঞ্চলত স্থাপন কৰিছে ৷"

তেওঁ লগতে কয়, "এনেদৰে নতুন স্থানত মিছাইলৰ অৱস্থান কৰাৰ ফলত সৈন্য়বাহিনীত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ COVID-19 ৰ বিৰুদ্ধে দুয়ো দেশে যুদ্ধ কৰি থকাৰ সময়তে পাকিস্তানৰ এই কাৰ্যত ভাৰতীয় সৈন্য আশ্বৰ্যচকিত হৈ পৰিছে ৷ আমি ইতিমধ্যেই যুদ্ধবিৰতি উলংঘা আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজি আছো ৷ তেওঁলোকে যিকোনো কাণ্ড সংঘটিত কৰিব পাৰে ৷"

উল্লেখ্য যে, ভাৰতৰ সীমান্তত স্থাপন কৰা এই মিছাইলটো হৈছে চীনত নিৰ্মিত ৷ প্ৰায় 40 কিল'মিটাৰ দূৰত্বৰ পৰা মিছাইলটোৱে লক্ষ্যস্থানত আক্ৰমণ কৰিব পাৰে ৷ প্ৰথমবাৰৰ বাবে 2017 চনত পাকিস্তানৰ সৈন্যবাহিনীয়ে এই মিছাইলৰ ব্যৱহাৰ কৰিছে ৷ এই মিছাইলে প্ৰতি ঘন্টাত 600 মিটাৰ গতিবেগত আক্ৰমণ কৰিব পাৰে ৷

পাকিস্তানে এই সম্পৰ্কত বৰ্তমানেও কোনো বিবৃতি প্ৰদান নকৰিলেও ভাৰতীয় বিশেষজ্ঞই মন্তব্য কৰে যে, COVID-19 ৰ দৰে জটিল বিষয়ৰ পৰা ধ্য়ান ভংগ কৰিবৰ বাবে পাকিস্তানে এই কাণ্ড সংঘটিত কৰিছে ৷

ইটিভি ভাৰতক প্ৰদান কৰা এক সাক্ষাৎকাৰত প্ৰতিৰক্ষা বিশ্লেষক আৰু প্ৰাক্তন গৱেষণা আৰু বিশ্লেষণ উইঙৰ (R&AW) জ্যেষ্ঠ বিষয়া জে. কে. বৰ্মাই কয়, "বিশ্বৰ অন্য দেশৰ দৰেই ভাৰত আৰু পাকিস্তানেও কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰি আছে ৷ পাকিস্তানৰ নাগৰিকে ভাৰতীয়ৰ দৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তেওঁলোকে সামাজিক দূৰত্বও মানি চলা নাই ৷"

বৰ্মাই লগতে কয়, "পাকিস্তানে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে দুই দেশৰ মাজত উদ্বিগ্নতা বৃদ্ধি কৰাৰ চেষ্টা কৰি আছে ৷ ভাৰতৰ কোনো স্থানতে মছজিদ, মন্দিৰ, গীৰ্জা অথবা গুৰুদ্বাৰসমূহত সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত কৰা নাই ৷ কিন্তু, পাকিস্তানত এই সকলোবোৰ হৈ আছে ৷ কোনেও তেওঁলোকৰ চৰকাৰৰ নিৰ্দেশ পালন কৰা নাই ৷ পাকিস্তানে কেতিয়াও ভাৰতৰ সৈতে যুদ্ধ কৰাৰ কথা ভাবিব নোৱাৰে কাৰণ তেওঁলোকে জানে যে, তেওঁলোকে ভাৰতক কেতিয়াও পৰাস্ত কৰিব নোৱাৰে ৷ পাকিস্তানতকৈ ভাৰতৰ ক্ষমতা বহু বেছি ৷"

শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ স্থল সেনা 1.4 মিলিয়ন সৈন্য বাহিনীৰে গঠিত আৰু সৈন্য বাহিনীৰ হাতত আছে 3,565 যুদ্ধ টেংক, 3,100 যুদ্ধ বাহন, 336 অস্ত্ৰধাৰী সৈন্য় কঢ়িওৱা বাহন আৰু 9,719 টোপ ৷ আনহাতে, 654,000 সৈন্যৰে গঠিত পাকিস্তানৰ সেনা বাহিনীৰ হাতত আছে 2,496 টেংক, 1,605 অস্ত্ৰধাৰী সৈন্য কঢ়িওৱা বাহন আৰু 4,472 টোপ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.