ETV Bharat / international

Covid-১৯: পাকিস্তানত লক ডাউন

author img

By

Published : Mar 29, 2021, 7:24 PM IST

চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে আংশিকভাৱে লক ডাউন জাৰি কৰে । সোমবাৰে দেশখনৰ ৰাজধানী ইছলামাবাদৰ লগতে কেতবোৰ স্থানত আংশিকভাৱে লকডাউন জাৰি কৰে ।

Pakistan imposes partial coronavirus lockdowns, পাকিস্তানত লক ডাউন
Covid-১৯ঃ পাকিস্তানত লক ডাউন

ইন্টাৰনেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণে চিন্তিত কৰি তুলিছে । ইতিমধ্যে দেশৰ কোনো কোনো ৰাজ্যত ৰাজ্য চৰকাৰসমূহে লক ডাউন, ১৪৪ ধাৰা আদি বাহাল ৰাখিছে । শেহতীয়াকৈ চুবুৰীয়া শত্ৰু ৰাষ্ট্ৰ পাকিস্তানেও আংশিকভাৱে লক ডাউন জাৰি কৰে । সোমবাৰে দেশখনৰ ৰাজধানী ইছলামাবাদৰ লগতে কেতবোৰ স্থানত আংশিকভাৱে লকডাউন জাৰি কৰে । দেশখনত সম্প্ৰতি ১১ শতাংশলৈ কৰ'ণা ভাইৰাছত সংক্ৰমিত হৈছে ।

সোমবাৰে, পূৱ পঞ্জাৱ প্ৰদেশ কৰ্তৃপক্ষই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অহা ১ এপ্ৰিলৰ পৰা উল্লেখিত চহৰসমূহত দুসপ্তাহলৈকে আংশিক লকডাউন ঘোষণা কৰে । কিন্তু বৰ্তমানলৈকে দেশজুৰি লক ডাউন ঘোষণা কৰা নাই পাকিস্তানে । উল্লেখযোগ্য যে, সোমবাৰে, যোৱা ২৪ ঘণ্টাত দেশখনত ৪১ জন লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । ইফালে, ৪,৫২৫ টা নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হয় । বিগত বৰ্যৰ পৰা এতিয়ালৈ পাকিস্তানত মুঠ ৬,৫৯,১১৬ জন আক্ৰান্ত হোৱাৰ লগতে ১৪,২৫৬ জনৰ মৃত্যু হয় ।

লগতে পঢ়ক:সম্প্ৰতি ভাৰতত উপলব্ধ নহয় COVID প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.