ETV Bharat / international

পি ডি এমক ৰেলী প্ৰদৰ্শন কৰাত বাধা দিয়াৰ বৃথা চেষ্টা হতাশগ্ৰস্ত পাকিস্তান চৰকাৰৰ

পাকিস্তান চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰা পাকিস্তান ডেমক্ৰেটিক মুভমেণ্টৰ লগতে হাজাৰ হাজাৰ লোকৰ মুখ বন্ধ কৰিবলৈ বিগত ৫ মাহ ধৰি প্ৰধানমন্ত্ৰী ইমৰাণ খানে যৎপৰোনাষ্টি চেষ্টা অব্যাহত ৰাখিছে । এইবাৰ পি টি আই নেতৃত্বাধীন চৰকাৰে পানীৰে ভৰাই পেলালে পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্টে অহা ১৩ ডিচেম্বৰত ৰেলী আয়োজিত কৰিবলীয়া স্থান ।

author img

By

Published : Dec 9, 2020, 8:00 PM IST

পি ডি এমক ৰেলী প্ৰদৰ্শন কৰাত বাধা দিয়াৰ ব্যৰ্থ চেষ্টা হতাশাগ্ৰস্ত পাকিস্তান চৰকাৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: ১১টাকৈ দলৰ মিত্ৰতাৰে গঠিত পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্টে অহা ১৩ ডিচেম্বৰত মিনাৰ-ই-পাকিস্তান মৈদানত অনুষ্ঠিত কৰিব ষষ্ঠ ৰেলী । কিন্তু পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্টক প্ৰতি মুহুৰ্ততে বাধা প্ৰদান কৰি অহা পাকিস্তান চৰকাৰে এইবাৰ সীমা চেৰাই গ'ল । ৰেলী অনুষ্ঠিত কৰিবলগীয়া মিনাৰ-ই-পাকিস্তান মৈদানত কৃত্ৰিম বান সদৃশ পৰিৱেশৰ সৃষ্টি কৰিলে ইমাৰাণ খান চৰকাৰৰ একাংশ বিষয়াই ।

কেৱল এয়াই নহয়, পঞ্জাৱৰ মুখ্যমন্ত্ৰী উছমান বুজদাৰ নেতৃত্বাধীন প্ৰশাসনে লাহোৰৰ ৪৫টা স্থানত স্মাৰ্ট লকডাউন জাৰি কৰে আৰু এই অঞ্চলসমূহৰ ভিতৰত ৰেলী অনুষ্ঠিত কৰা স্থানৰ সমীপৰ অঞ্চলো আছে । এতিয়ালৈকে ৰেলী অনুষ্ঠিত কৰিবলৈ পাকিস্তান ডেমক্ৰেটিক মুভমেণ্টক চৰকাৰে অনুমতি প্ৰদান কৰা নাই । পাকিস্তান মুছলিম লীগ নৱাজৰ নেতা বিলাল য়াছিনে কয় যে, 'মঙলবাৰে পুৱাৰ ভাগত পি টি আই চৰকাৰে মিনাৰ-ই-পাকিস্তানত পানী এৰি দিয়ে । আমি এই বিষয়ে গম পোৱাৰ পিছতে সেই স্থানত উপস্থিত হোৱাত প্ৰশাসনৰ তৰফৰ পৰা পানী দি বন্ধ কৰি দিয়ে ।'

ৰেলী অনুষ্ঠিত কৰিবলগীয়া স্থান পানীৰে ভৰাই পেলোৱা সন্দৰ্ভত এক টুইটযোগে পাকিস্তান মুছলিম লীগ নৱাজৰ উপাধ্যক্ষ মৰীয়াম নৱাজে কয় যে, 'এই কাৰ্যই ইমৰাণ খানৰ ভয়ক সূচাইছে আৰু ই সংকেত দিছে যে, তেওঁৰ চৰকাৰৰ টালি-টোপোলা বন্ধাৰ সময় আহি পৰিছে । লাহোৰত ৰেলী আয়োজন কৰা হ'ব আৰু ইমৰাণ খানৰ চৰকাৰক ঘৰলৈ পঠিওৱা হ'ব' ।

মুল্টান ৰেলীৰ পূৰ্বে পাকিস্তান পিপুলছ পাৰ্টীৰ কৰ্মীৰ বিৰুদ্ধে কাছিম বাগত উদ্ভণ্ডালি কৰাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছিল । চৰকাৰে বাৰে বাৰে বাধা দি অহাৰ স্বত্বেও পাকিস্তান ডেম'ক্ৰেটিক মুভমেণ্টে বিগত ১৬ অক্টোবৰৰ পৰা মুল্টান, পেছোৱাৰ, গুজৰাৱালা, কাৰাচী আৰু কুৱেট্টাত ৫টা ৰেলীৰ আয়োজন কৰিছে ।

লগতে পঢ়ক:মধ্যপ্ৰাচ্যত আমেৰিকাৰ সেনাই ইৰাণৰ আক্ৰমণৰ আশংকা ব্যক্ত কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.