ETV Bharat / international

ভগত সিঙক ভাৰতৰত্ন দিয়াৰ দাবী পাকিস্তানী অধিবক্তাৰ

author img

By

Published : Sep 28, 2019, 8:37 PM IST

পাকিস্তানৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এগৰাকীয়ে শ্বহীদ ভগত সিঙক ভাৰতৰত্ন দিবৰ বাবে দাবী উত্থাপন কৰে ৷ শ্বহীদ ভগত সিঙৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অধিবক্তাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগত এই দাবী উত্থাপন কৰে ৷

শ্বহীদ ভগত সিঙক ভাৰতৰত্ন দিবৰ বাবে দাবী

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃ অবিভক্ত ভাৰতৰ পঞ্জাৱ ৰাজ্যত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল দেশৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ ভগত সিঙে ৷ 1907 চনত জন্মগ্ৰহণ কৰা শ্বহীদ ভগত সিঙে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি 1930 চনত হাঁহিমুখে ফাঁচীকাঠক আঁকোৱালি লৈছিল ৷

শ্বহীদ ভগত সিঙলৈ ভাৰতৰত্ন প্ৰদানৰ দাবী পাকিস্তানী অধিবক্তাৰ

সমগ্ৰ ভাৰততে আজি শ্বহীদ ভগত সিঙৰ 112 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে ৷ শ্বহীদ ভগত সিঙৰ পবিত্ৰ জন্মজয়ন্তীতে বৰ্তমানে পাকিস্তানৰ বাংগাস্থিত ভগত সিং সোঁৱৰণী ন্যাসে ভাৰত চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ ন্যাসৰ সভাপতি তথা পাকিস্তান উচ্চ ন্যায়ালয়ৰ অধিবক্তা ইমতিয়াজ ৰছিদ কুৰেশ্বীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা পত্ৰখনত শ্বহীদ ভগত সিঙক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিবলৈ আহ্বান জনাইছে ৷

ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে পত্ৰখন ইতিমধ্যে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে অধিবক্তাগৰাকীয়ে ৷ উল্লেখ্য যে,অধিবক্তা ইমতিয়াজ ৰছিদ কুৰেশ্বীয়ে লাহোৰ উচ্চ ন্যায়ালয়ত শ্বহীদ ভগত সিঙৰ হৈ এক গোচৰৰ ওকালতি কৰি আছে ৷ 1928 চনত ভগত সিঙে হত্যা কৰা বৃটিছ আৰক্ষী বিষয়া জন চনদাৰছৰ গোচৰত ভগত সিঙত নিৰ্দোষী প্ৰমাণিত কৰিবলৈ দিনে নিশাই কষ্ট কৰি আছে এইগৰাকী অধিবক্তাই ৷

Intro:Body:

ভগত সিঙক ভাৰতৰত্ন দিয়াৰ দাবী পাকিস্তানী অধিবক্তাৰ 

পাকিস্তানৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এগৰাকীয়ে শ্বহীদ ভগত সিঙক ভাৰতৰত্ন দিবৰ বাবে দাবী উত্থাপন কৰে ৷ শ্বহীদ ভগত সিঙৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অধিবক্তাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগত এই দাবী উত্থাপন কৰে ৷ 

নিউজ ডেস্ক, 28 চেপ্তেম্বৰঃ অবিভক্ত ভাৰতৰ পঞ্জাৱ ৰাজ্যত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল দেশৰ অন্যতম স্বাধীনতা সেনানী শ্বহীদ ভগত সিঙে ৷ 1907 চনত জন্মগ্ৰহণ কৰা শ্বহীদ ভগত সিঙে দেশৰ বাবে নিজৰ জীৱন উৎচৰ্গা কৰি 1930 চনত হাঁহিমুখে ফাঁচীকাঠক আকোৱালি লৈছিল ৷ 

সমগ্ৰ ভাৰততে আজি শ্বহীদ ভগত সিঙৰ 112 সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হৈছে ৷ শ্বহীদ ভগত সিঙৰ পবিত্ৰ জন্মজয়ন্তীতে বৰ্তমানে পাকিস্তানৰ বাংগাস্থিত ভগত সিং সোৱৰণি ন্যাসে ভাৰত চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ ন্যাসৰ সভাপতি তথা পাকিস্তান উচ্চ ন্যায়ালয়ৰ অধিবক্তা ইমতিয়াজ ৰছিদ কুৰেশ্বীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰেৰণ কৰা পত্ৰখনত শ্বহীদ ভগত সিঙক মৰনোত্তৰভাৱে ভাৰত ৰত্ন দিবলৈ আহ্বান জনাইছে ৷ 

ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে পত্ৰখন ইতিমধ্যে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে অধিবক্তাগৰাকীয়ে ৷ উল্লেখ্য যে, অধিবক্তা ইমতিয়াজ ৰছিদ কুৰেশ্বীয়ে লাহোৰ উচ্চ ন্যায়ালয়ত শ্বহীদ ভগত সিঙৰ হৈ এক গোচৰৰ ওকালতি কৰি আছে ৷ 1928 চনত ভগত সিঙে হত্যা কৰা বৃটিছ আৰক্ষী বিষয়া জন চনদাৰছৰ গোচৰত ভগত সিঙত নিৰ্দোষী প্ৰমাণিত কৰিবলৈ দিনে নিশাই কষ্ট কৰি আছে এইগৰাকী অধিবক্তাই ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.