নিউজ ডেস্ক, 26 আগষ্টঃ বাংলাদেশত অব্যাহত আছে ডেংগু আতংক ৷ দেশখনৰ স্বাস্থ্যসেৱা মুখ্য সচিব (DGHS) ৰ শেহতীয়া তথ্য অনুসৰি দেশখনত ডেংগুত আক্ৰান্তৰ সংখ্যা 63,514 হাজাৰলৈ বৃদ্ধি পোৱাৰ উপৰি বৰ্তমানলৈ নিহতৰ সংখ্যা 169 জন ৷
উল্লেখ্য যে দেওবাৰে 24 ঘন্টাৰ ভিতৰত প্ৰায় 1299 জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক গৃহিত ব্য়ৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে ৷
চলিত বৰ্ষৰ তুলনাত 2018 চনৰ আগষ্ট মাহত 10,148 জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ লগতে জ্বৰ হৈ 26 জন লোকৰ মৃত্যু হয় ৷ তুলনামূলকভাৱে এই বৰ্ষত ডেংগুত আক্ৰান্তৰ সংখ্যা 57,405 জনলৈ বৃদ্ধি পোৱা বুলি দেশখনৰ স্বাস্থ্যসেৱা মুখ্য সচিবে (DGHS) জানিবলৈ দিয়ে ৷