ইন্টাৰনেশ্যনেল ডেস্ক, 25 এপ্ৰিল : শেহতীয়াকৈ UNICEF য়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি,2018 চনত 13 মিলিয়নতকৈ অধিক 1 বছৰৰ তলৰ শিশুৱে কোনো ধৰণৰ প্ৰতিষেধক লাভ কৰা নাই ৷ বিশেষকৈ স্বাস্থ্য ব্যৱস্থা দূৰ্বল দেশসমূহত এনে হোৱা বুলি মন্তব্য কৰিছে ইউনিচেফে ৷ কৰ'ণা ভাইৰাছৰ ফলত টীকাকৰণ সেৱাসমূহ বন্ধ হৈ পৰা বাবে 2020 চন আৰু ইয়াৰ পাচতো পৰিস্থিতি গুৰুতৰ হৈ পৰিব বুলিও মন্তব্য কৰে ইউনিচেফে ৷
প্ৰতিবেদনত কোৱা হয় যে,কৰ'ণা ভাইৰাছৰ ফলত টীকাকৰণ আঁচনিসমূহ বন্ধ হৈ পৰাৰ ফলত বসন্ত,পলিঅ' আৰু অন্যান্য বহু ৰোগৰ প্ৰতিষেধক লাভ নকৰিলে 1 বছৰৰ তলৰ প্ৰায় 20 মিলিয়ন শিশুৱে ৷
"COVID-19 সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ সময়তে শিশুসকলৰ বাবে প্ৰতিষেধক প্ৰদান কৰাটো যথেষ্ট কষ্টকৰ হৈ পৰিছে ৷ COVID-19 মহামাৰীৰ ফলত টীকাকৰণ সেৱাত বাধা অহাৰ ফলত বহু মিলিয়ন শিশুৰ জীৱনক লৈ সংশয়ৰ সৃষ্টি হৈছে" - এই মন্তব্য় UNICEF ৰ মুখ্য উপদেষ্টা আৰু টীকাকৰণ প্ৰধান ৰবিন নন্দীৰ ৷ প্ৰতিবেদনত কোৱা হৈছে যে,এয়া কেৱল বিশ্বৰ দুখীয়া দেশৰ শিশুক লৈয়ে সৃষ্টি হোৱা সংশয় সৃষ্টি নহয়, 2019 চনত বিশ্বৰ ধনী দেশ যেনে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সৰো প্ৰতিষেধক গ্ৰহণ নকৰা শিশুৰ বসন্ত ৰোগ হৈছিল ৷
UNICEF য়ে কয় যে, এই পৰিস্থিতি কিন্তু দুখীয়া দেশসমূহত বেছিকৈ প্ৰত্যক্ষ কৰা হৈছিল কিয়নো Covid-19 আতংকৰ পূৰ্বেও টীকাকৰণৰ সময়ত বহু ব্যৱধান আছিল ৷
প্ৰতিবেদন অনুসৰি, ইথিউপিয়াত 2010 আৰু 2018 চনৰ মাজত প্ৰায় 10.9 মিলিয়ন 1 বছৰৰ তলৰ শিশুৱে বসন্তৰ প্ৰতিষেধক লাভ কৰা নাছিল ৷ ইয়াৰ পাচতে আছিল কংগো (6.2 মিলিয়ন), আফগানিস্তান (3.8 মিলিয়ন), চাড,মাদাগাস্কাৰ আৰু ওগান্দা (2.7 মিলিয়ন) ৷ আনহাতে,দক্ষিণ এছিয়াত 2018 চনত প্ৰায় 3.2 মিলিয়ন শিশুৱে লাভ কৰা নাছিল কোনো ধৰণৰ প্ৰতিষেধক ৷
এনেধৰণৰ মহামাৰীসমূহে প্ৰমাণ কৰে যে, শিশুৰ বাবে এনেধৰণৰ টীকাকৰণ গ্ৰহণ কৰাটো কিমান প্ৰয়োজনীয়, যিহেতু এনে ধৰণৰ মহামাৰীয়ে শিশু তথা অসুৰক্ষিত লোকসকলক বাৰুকৈয়ে কোবাই যায় ৷ বহু দেশত বসন্তৰ প্ৰতিষেধক প্ৰদানৰ আঁচনি গ্ৰহণ কৰা হৈছিল যদিও কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত এই আঁচনি স্থগিত ৰাখিব লগা হয় ৷