ETV Bharat / international

অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে উত্তৰ কোৰিয়াৰ সামৰিক কাৰ্যক্ৰম

সৰু আকাৰৰ আৰ্টিলেৰি ফায়াৰিং ড্ৰিলৰ সহিতে উত্তৰ কোৰিয়াই এইবৰ্ষত পাঁচটা প্ৰমূখ্য অস্ত্ৰ পৰীক্ষণ কৰিছে । শেহতীয়াকৈ বিগত সপ্তাহত এটা সফল পৰীক্ষণ কৰিছে ৰাষ্ট্ৰখনে। উত্তৰ কোৰিয়াই পূৰ্ব উপকূলৰ ভূ-পৃষ্ঠৰ পৰা জাহাজৰ ক্ৰুজ ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰা বুলি অনুমান কৰা হৈছিল ।

author img

By

Published : Apr 24, 2020, 7:24 PM IST

'North Korean military plane activities on unusual rise'
'North Korean military plane activities on unusual rise''North Korean military plane activities on unusual rise'

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ উত্তৰ কোৰিয়াই শেহতীয়াকৈ আৰ্টিলাৰি প্ৰস্তুতি নিৰীক্ষণ তথা বিমান চলাচল পৰিচালনাৰে উত্তেজনা বৃদ্ধি কৰিবৰ বাবে অস্বাভাৱিক ভাৱে সামৰিক কাৰ্যক্ৰম বৃদ্ধি কৰিছে বুলি শুকুৰবাৰে উল্লেখ কৰে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জিয়ংগ ক্যেয়ংগ-ডু য়ে ।

ইয়োনহাপ নিউজ সংস্থাটোৱে জিয়ংগৰ মন্তব্যক উদ্ধৃত কৰি কয় যে, উত্তৰ কোৰিয়াই নিজৰ যুদ্ধৰ তৎপৰতাৰ ভংগিমাৰে বহু কেইটা আৰ্টিলাৰি তথা বিমানৰ পৰিচালনা পৰিদৰ্শন কাৰ্যক্ৰমৰ জৰিয়তে অস্বাভাৱিকভাৱে সামৰিক কাৰ্যক্ৰমৰ বৃদ্ধিৰে উত্তেজনা বৃদ্ধি কৰিছে ।

উত্তৰ কোৰিয়াই সৰু আকাৰৰ আৰ্টিলাৰি ফাইৰিং ড্ৰিল কৰাৰ লগতে শেহতীয়াকৈ এই বৰ্ষত ৫ টা প্ৰমূখ্য অস্ত্ৰ পৰীক্ষণ কৰিছে । শেষবাৰৰ বাবে উত্তৰ কোৰিয়াই পূৰ্ব উপকূলৰ ভূপৃষ্ঠৰ পৰা জাহাজৰ ক্ৰুজ ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰা বুলি অনুমান কৰা হৈছে । সেই দিনাই উত্তৰ কোৰিয়াই পূৰ্ব উপকূলীয় চহৰ ৱানচনৰ ওপৰত চুখই ৱেৰিএণ্ট ফাইটাৰ জেটছ,মিগ বিমানৰ দৰে যুদ্ধ বিমান উৰোৱাৰ লগতে বহু কেইটা বায়ুৰ পৰা ভূ-পৃষ্ঠলৈ মিচাইল পূৰ্ব সমুদ্ৰত প্ৰক্ষেপণ কৰিছিল ।

সংযুক্ত অধিকাৰীৰ এজন মুখ্য বিষয়াইয়ো উত্তৰ কোৰিয়াই চীনৰ সীমান্তৰ ইয়েল্ল' চিৰ (Yellow Sea)ৰ আকাশত নিৰীক্ষণৰ গতিবিধি অধিক তীব্ৰতৰ কৰা বুলি উল্লেখ কৰি জলপৃষ্ঠৰ ওপৰত সামুদ্ৰিক আৰু বায়ুৰ স্থান পিয়ংইয়াং অথবা বেইজিং দ্বাৰা ঘোষণা নকৰাৰ বাবেই এনে কৰা বুলি অনুমান কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.