নিউজ ডেস্ক, 25 আগষ্টঃ পুনৰাই শক্তিশালী ক্ষেপণাস্ত্ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে উত্তৰ কোৰিয়াই ৷ পাৰমাণৱিক শক্তিক লৈ সদায়ে সংবাদ শীৰ্ষত থকা দেশখনে শেহতীয়াকৈ সফলতাৰে পৰীক্ষণ সমাপ্ত কৰিছে অতি বৃহদাকাৰ ক্ষেপনাস্ত্ৰৰ ৷ উত্তৰ কোৰিয়াৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি চুপাৰছনিক লাৰ্জ মাল্টিপল ৰকেট লান্সাৰৰ পৰীক্ষণৰ সময়ত সেইস্থানত উপস্থিত আছিল দেশখনৰ ৰাষ্ট্ৰপতি কিম জং উন ৷
সংবাদ সংস্থা ইয়ানহোপত প্ৰকাশ পোৱা তথ্য অনুসৰি, শনিবাৰে দেশখনৰ পূব সাগৰলৈ বুলি লক্ষ্য কৰি নিক্ষেপ কৰা হয় দুটিকৈ প্ৰজেক্টাইল ৷ দুয়োটি প্ৰজেক্টাইলে কম-দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইফালে এই ঘটনাৰ পিচতে সক্ৰিয় হৈ পৰিছে দক্ষিণ কোৰিয়া ৷ দেশখনৰ জইন্ট চীফ অৱ ষ্টাফ(JCS)ৰ বক্তব্য অনুসৰি, দুয়োটা ক্ষেপণাস্ত্ৰই 97 কিলোমিটাৰ উচ্চতাত 380 কিলোমিটাৰ দূৰত্বৰ জাপান সাগৰত পৰেগৈ ৷
চলিত আগষ্ট মাহৰ প্ৰথমভাগত আমেৰিকাৰ সেনাবাহিনীৰ সৈতে এক দ্বিপাক্ষিক সৈন্য অনুশীলন সমাপ্ত কৰিছিল দক্ষিণ কোৰিয়াই ৷ উক্ত অনুশীলনৰ সময়ত এক অচিনাক্ত ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সমাপ্ত কৰিছিল দুয়োখন দেশে ৷ পৰৱৰ্তী সময়ত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সুৰক্ষাজনিত কাৰণতে পৰীক্ষণ সম্পন্ন কৰা বুলি বিবৃতিযোগে প্ৰকাশ কৰিছিল ৷
উল্লেখ্য যে, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সৈন্য অভিযানক লৈ সততে আপত্তি জনাই আহিছে উত্তৰ কোৰিয়াই ৷ চলিত বৰ্ষত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত সৈন্য অভিযানক লৈ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল যদিও সেয়া ফলপ্ৰসূ নহ'ল ৷