ETV Bharat / international

নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত ভাৰতৰ তিনিটা অংশ - ভাৰত আৰু আন্তঃৰ্জাতিক সমুদায়ক সংশোধিত মানচিত্ৰ প্ৰেৰণ কৰিব নেপালে

"আমি লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীসহ সংশোধিত মানচিত্ৰখন ভাৰতৰ লগতে আন্তঃৰ্জাতিক সমুদায়লৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলিত মাহৰ মাজ ভাগৰ পৰা আৰম্ভ হ'ব" বুলি জানিবলৈ দিয়ে ভূমি ব্যৱস্থাপনা,সমবায় আৰু দৰিদ্ৰতা দূৰীকৰণ মন্ত্ৰী পদ্মা আৰ্য়লে ৷

Nepal
নেপাল
author img

By

Published : Aug 2, 2020, 7:34 AM IST

নিউজ ডেস্ক, 2 আগষ্ট : আগষ্ট মাহৰ মাজ ভাগত ভাৰত, গুগ'ল আৰু আন্তঃৰ্জাতিক সমুদায়ক নেপালৰ সংশোধিত মানচিত্ৰ প্ৰেৰণ কৰিব নেপাল চৰকাৰে ৷ এই সংশোধিত মানচিত্ৰখনত ভাৰতৰ অন্তৰ্গত লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীক সাঙুৰি লোৱা হৈছে ৷

"আমি লিম্পিয়াধুৰা, লিপুলেখ আৰু কালাপানীসহ সংশোধিত মানচিত্ৰখন ভাৰতৰ লগতে আন্তঃৰ্জাতিক সমুদায়লৈ প্ৰেৰণৰ প্ৰক্ৰিয়া চলিত মাহৰ মাজ ভাগৰ পৰা আৰম্ভ হ'ব" বুলি জানিবলৈ দিয়ে ভূমি ব্যৱস্থাপনা,সমবায় আৰু দৰিদ্ৰতা দূৰীকৰণ মন্ত্ৰী পদ্মা আৰ্য়লে ৷

লগতে পঢ়ক : আজৱ: পৃথিৱীৰ আটাইতকৈ কৰ্মী মাতৃ অক্টোপাছ

আন্তঃৰ্জাতিক সমুদায়ৰ বাবে মন্ত্ৰণালয়ে ইতিমধ্যে পৰিমাপণ বিভাগৰ পৰা নেপালৰ সংশোধিত মানচিত্ৰখনৰ 4000 ইংৰাজী প্ৰতিলিপি বিচাৰিছে ৷ পৰিমাপণ বিভাগে সমগ্ৰ ৰাষ্ট্ৰত বিতৰণৰ অৰ্থে ইতিমধ্যে সংশোধিত মানচিত্ৰখনৰ 25,000 প্ৰতিলিপি মুদ্ৰণ কৰিছে ৷ প্ৰাদেশিক আৰু অন্য সকলো সাৰ্বজনীন কাৰ্যলয়ত বিনামূলীয়াকৈ সংশোধিত মানচিত্ৰখন প্ৰদান কৰিব ৷ আনহাতে, জনসাধাৰণে এই মানচিত্ৰখন নেপালী 50 টকাত ক্ৰয় কৰিব পাৰিব ৷

" নেপালৰ এই একপক্ষীয় পদক্ষেপ ঐতিহাসিক ঘটনা তথা প্ৰমাণৰ ওপৰত ভিত্তি কৰি লোৱা নহয়" বুলি মন্তব্য কৰে ভাৰতে ৷ দ্বিপাক্ষিক আলোচনাৰ মাজেৰে সীমান্তৰ সমস্যা সমাধান কৰিব পৰা গ'ল হয় ৷ ভাৰতৰ অন্তৰ্গত অঞ্চলসমূহৰ ওপৰত এই কৃত্ৰিম দাবী ভাৰতে মানি নলয় বুলি উল্লেখ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.