ETV Bharat / international

নেপালত ১ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ নতুন অধিবেশন

author img

By

Published : Dec 26, 2020, 10:49 PM IST

নেপালৰ প্ৰধানমন্ত্ৰী অ'লিয়ে শুকুৰবাৰে ৮ জন নতুন কেবিনেট মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰীক নিযুক্তি দিয়ে ৷ নেপালৰ ৰাষ্ট্ৰপতি বিদ্য়া দেৱী ভণ্ডাৰীয়ে নৱনিযুক্ত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱায় ।

Nepal President calls new session of Upper House from January 1
নেপালত ১ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ নতুন অধিবেশন

নিউজ ডেস্ক, 26 ডিচেম্বৰ: নেপালত ১ জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ নতুন অধিবেশন । নেপালৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী কে পি শর্মা অলিয়ে সংসদ ভংগ কৰাৰ প্ৰায় এসপ্তাহ পাছত শনিবাৰে পুনৰ নেপালৰ ৰাষ্ট্ৰপতি বিদ্য়া দেৱী ভণ্ডাৰীয়ে আহ্বান জনায় সংসদৰ নতুন অধিবেশনৰ ৷ নেপালৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী কে পি শর্মা অলিয়ে ২০ ডিচেম্বৰত সংসদৰ প্ৰতিনিধি সভা ভংগ কৰাৰ আহ্বান জনাইছিল ৷ ইয়াৰ পাছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী অ'লিয়ে ৮ জন নতুন কেবিনেট মন্ত্ৰী আৰু এজন ৰাজ্যিক মন্ত্ৰীক নিযুক্তি দিয়ে ৷ নেপালৰ ৰাষ্ট্ৰপতি বিদ্য়া দেৱী ভণ্ডাৰীয়ে নৱনিযুক্ত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱায় ।

হিমালয়া টাইমছৰ প্ৰতিবেদন অনুসৰি, 20 ডিচেম্বৰত সংসদৰ অধিবেশন ভংগ কৰাৰ পাছত নেপাল কমিউনিষ্ট পাৰ্টিৰ সহ অধ্যক্ষ পুষ্প কমল দাহাল আৰু জ্যেষ্ঠ এনচিপি নেতা মাধব কুমাৰ নেপালে পদত্যাগ কৰে ৷ ইয়াৰ লগে লগে মন্ত্ৰীসভাৰ সাতটা পদ খালী হৈ পৰে । আনহাতে সংসদৰ অধিবেশন ভংগ হোৱাৰ ফলত উদ্ভৱ হোৱা সংকট সমাধান বিচাৰি শাসকীয় নেপাল কমিউনিষ্ট পাৰ্টিৰ বিৰুদ্ধে বিৰোধী দলে নিৰ্বাচন আয়োগ আৰু উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মধ্য আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ তিনি শান্তি আলোচনাকাৰীক গুলিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.