ETV Bharat / international

COVID-19 প্ৰতিষেধক উদ্ভাৱনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত : WHO - WHO ৰ দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক প্ৰৱন্ধক পুনম খেত্ৰপাল সিং

ভাৰত, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ দৰে দেশে COVID-19 প্ৰতিষেধক উদ্ভাৱনত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ এই মন্তব্য WHO ৰ দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক প্ৰৱন্ধক পুনম খেত্ৰপাল সিঙৰ ৷

WHO
COVID-19 প্ৰতিষেধক উদ্ভাৱনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত
author img

By

Published : Apr 29, 2020, 7:52 PM IST

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : দক্ষিণ-পূৱ এচিয়াৰ ভাৰত, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ দৰে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক উৎপাদনকাৰী দেশসমূহে COVID-19 মহামাৰী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত - এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) ৷

COVID-19 প্ৰতিষেধক উদ্ভাৱন কৰি উলিওৱা সন্দৰ্ভত প্ৰতিষেধক উদ্ভাৱক আৰু ৰাষ্ট্ৰীয় নিয়ামক প্ৰাধিকৰণৰ সৈতে WHO য়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকৰ আয়োজন কৰে ৷

WHO ৰ দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক প্ৰৱন্ধক পুনম খেত্ৰপাল সিঙে কয়, "আমাৰ ৰাষ্ট্ৰসমূহত প্ৰতিষেধক নিৰ্মাণকাৰী সংস্থাসমূহ বিশ্বমানৰ আৰু এনে সংস্থাসমূহ COVID-19 প্ৰতিষেধক নিৰ্মাণ কৰিবৰ বাবে সমৰ্থ ৷ ইয়াত বহু প্ৰতিষেধক নিৰ্মাণ হয় আৰু বৰ্তমানৰ মহামাৰী ৰোধ কৰিবৰ বাবে ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত ৷"

ভাৰত, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ অগ্ৰণী নিৰ্মাতাসকলে বৈঠকত সময় আৰু উৎপাদনৰ ক্ষমতা সম্পৰ্কত আলোচনা কৰে ৷ আনহাতে, COVID-19 প্ৰতিষেধক অতি ক্ষিপ্ৰতাৰে প্ৰস্তুত কৰি উলিয়াবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কত নিয়ামক প্ৰাধিকৰণসমূহে আলোচনা কৰে ৷ ইয়াৰ ভিতৰত আছে প্ৰি-ক্লিনিকেল আৰু ক্লিনিকেল পৰীক্ষণ, উৎপাদন, অনুজ্ঞা পত্ৰ, প্ৰতিষেধকসমূহ বিতৰণ আৰু মাৰ্কেটিঙৰ পাচত ইয়াৰ ওপৰত তীক্ষ্ম দৃষ্টি ৰখা আদি ৷ বৰ্তমান বিশ্বজুৰি 7 টা প্ৰতিষেধক ক্লিনিকেল আৰু 82 টা প্ৰি-ক্লিনিকেল অৱস্থাত আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.