কুয়ালালামপুৰ, মালয়েছিয়া, 16 আগষ্টঃ মুছলীম সংখ্যাগৰিষ্ঠ দেশসমূহত বসবাস কৰি থকা হিন্দু আৰু চীনা লোকক সকলক উদ্দেশ্যি সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মালয়েছিয়া চৰকাৰে বিৰ্তকিত মুছলীম ধৰ্ম প্ৰচাৰক জাকিৰ নায়েকৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷ মালয়েছিয়াৰ চি আই ডি সঞ্চালকে 15 আগষ্টৰ দিনা সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে যে তেওঁলোকে ইতিমধ্যে বিৰ্তকিত লোকজনৰ বিৰুদ্ধে 115 খন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে ৷ উল্লেখযোগ্য যে, জাকিৰ নায়েকে "Executive Talk Bersama Dr Zakir Naik " নামৰ এক ধৰ্মীয় অনুষ্ঠানত মালয়েছিয়াত বসবাস কৰি থকা চীনা লোক সকলৰ " Go Back " ধ্বনি দিয়াৰ লগতে তেওঁলোকক ' Old Guests' বুলিও বিৰ্তকিত মন্তব্য কৰিছিল ৷ ইয়াৰোপৰি তেওঁ মালয়েছিয়াত থকা হিন্দু জনসংখ্যাক ভাৰতৰ মুছলীম জনসংখ্যাৰ লগত তুলনা কৰি মালয়েছিয়াৰ হিন্দু সকলক উদ্দেশ্যি বিৰ্তকিত মন্তব্য আগবঢ়াইছিল ৷ নায়েকৰ এই মন্তব্যৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী মাহাথিৰ মোহামাদেৰ লগতে কেবিনেট মন্ত্ৰীসভাই জাকিৰ নায়েকক অতি সোনকালে দেশান্তৰ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ৷
মালয়েছিয়া চৰকাৰে দেশান্তৰ কৰিব বিৰ্তকিত মুছলীম ধৰ্ম প্ৰচাৰক জাকিৰ নায়েকক - মুছলীম ধৰ্ম প্ৰচাৰক
বিৰ্তকিত মুছলীম ধৰ্ম প্ৰচাৰক জাকিৰ নায়েকৰ বিৰুদ্ধে মালয়েছিয়া চৰকাৰে আৰম্ভ কৰিছে তদন্ত, দাখিল হৈছে সৰ্বমুঠ 115 খনকৈ প্ৰতিবেদন