ETV Bharat / international

COVID-19ৰ ফলত সংকটাপন্ন 55 মিলিয়ন বনকৰা লোকৰ জীৱিকা : ILO

55 মিলিয়নৰ প্ৰায় 37 মিলিয়নেই মহিলা কৰ্মী ৷ জুনৰ আৰম্ভণিতে কৰা এক সমীক্ষা অনুসৰি,দক্ষিণ-পূৱ এছিয়াৰ 76 শতাংশ লোক ইয়াৰ ফলত প্ৰভাৱান্বিত হৈছে ৷ ইয়াৰ পাচতে আছে আমেৰিকা (74 শতাংশ), আফ্ৰিকা (72 শতাংশ) আৰু ইউৰোপ (45 শতাংশ) ৷

author img

By

Published : Jun 23, 2020, 9:20 AM IST

Updated : Jun 23, 2020, 11:45 AM IST

55 মিলিয়নৰ প্ৰায় 37 মিলিয়নেই মহিলা কৰ্মী
COVID-19ৰ ফলত সংকটাপন্ন 55 মিলিয়ন বনকৰা লোকৰ জীৱিকা : ILO

ইন্টাৰনেশ্যনেল ডেস্ক, 23 জুন: COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লক ডাউনৰ ফলত প্ৰায় 55 মিলিয়ন বনকৰা কৰ্মীৰ জীৱিকা সংকটাপন্ন হোৱা বুলি তথ্য প্ৰদান কৰিছে আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই (ILO) ৷

এই 55 মিলিয়নৰ প্ৰায় 37 মিলিয়নেই মহিলাকৰ্মী ৷ জুনৰ আৰম্ভণিতে কৰা এক সমীক্ষা অনুসৰি,দক্ষিণ-পূৱ এছিয়াৰ 76 শতাংশ লোক ইয়াৰ ফলত প্ৰভাৱান্বিত হৈছে ৷ ইয়াৰ পাচতে আছে আমেৰিকা (74 শতাংশ),আফ্ৰিকা (72 শতাংশ) আৰু ইউৰোপ (45 শতাংশ) ৷

আনুষ্ঠানিক আৰু অনানুষ্ঠানিক নিযুক্তিৰ ঘৰুৱা কৰ্মীৰে এই ক্ষেত্ৰত প্ৰভাৱ পৰিছে ৷ যিসমূহ দেশত লক ডাউন কঠোৰভাৱে পালন কৰা হৈছে তেনে দেশত ঘৰুৱা কৰ্মীসকলে কামলৈ উভতিব পৰা নাই ৷

অনানুষ্ঠানিকভাৱে নিযুক্তি লাভ কৰা বনকৰা কৰ্মীয়ে জীৱিকা হেৰুৱাই পেলাইছে ৷ ইয়াৰ ফলত ভোক গুচাবলৈ খাদ্য সংগ্ৰহৰ বাবেও অসমৰ্থ হৈছে বহু লোক ৷

আনহাতে,মহামাৰীয়ে পূৰ্বৰ সমস্যাসমূহ দুগুণে বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে ৷ কেৱল 10 শতাংশ বনকৰা কৰ্মীৰহে সামাজিক সুৰক্ষা যেনে,ৰোগত আক্ৰান্ত হোৱা সময়ত ছুটি,স্বাস্থ্য সম্পৰ্কীয় গেৰান্টি,আঘাতপ্ৰাপ্ত হ'লে অন্যান্য সুবিধা,বে-ৰোজগাৰীৰ বীমাকৰণ আছে ৷

বহু বনকৰা কৰ্মীয়ে তেওঁলোকৰ মুঠ দৰমহাৰ 25 শতাংশ পৰ্যন্তহে লাভ কৰিছে ফলত এই আৰ্থিক সংকটৰ সময়ত কোনো ধন সাঁচি ৰাখিবলৈ সক্ষম হোৱা নাই ৷ অসুৰক্ষিত কৰ্মীৰ বাবে গঠনৰ কৰা ILOৰ টেকনিকেল বিষয়া ক্লেয়াৰ হবডেনে কয়,"Covid-19 সংকটৰ ফলত অসুৰক্ষিত ঘৰুৱা কৰ্মীসকলৰ দুৰ্দশাই এই কথা প্ৰমাণিত কৰিছে যে,তেওঁলোকক শ্ৰম আৰু সামাজিক সুৰক্ষাত অন্তৰ্ভুক্ত কৰিব লাগে ৷"

কিছু সংখ্যক দেশত প্ৰব্ৰজিত ঘৰুৱা শ্ৰমিকে গৰাকীৰ সৈতে বাস কৰিলেও কিছু সংখ্যকে কামৰ পৰা অব্যাহতি দিয়া বাবে ৰাস্তাত বাস কৰিব লগা হৈছে ৷ ফলত তেওঁলোকে অসুৰক্ষিতভাৱে জীৱন-যাপন কৰিব লগা হৈছে ৷ এনে লোকৰ স্বাস্থ্য আৰু জীৱিকা সুৰক্ষিত কৰিবৰ বাবে আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই কাম কৰি আছে ৷ সেয়েহে তেওঁলোকৰ সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ আইন প্ৰৱৰ্তন কৰা উচিত ৷

9 বছৰ পূৰ্বে আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই আয়োজন কৰা এক সমাবেশত ঘৰুৱা কৰ্মীৰ বাবে সন্মানজনক কাম প্ৰদান কৰিবৰ বাবে 29 খন দেশে ILO Convention 1989 ৰ সমৰ্থন কৰিছিল ৷

লগতে পঢ়ক : ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণ : ভাৰতে S-400 মিছাইল ছিষ্টেম লাভ কৰিবনে ?

Last Updated : Jun 23, 2020, 11:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.