ETV Bharat / international

ইজৰাইল-সংযুক্ত আৰৱৰ চুক্তিয়ে পশ্চিম এছিয়াত শক্তি বৃদ্ধি কৰিবলৈ ভাৰতক সুযোগ দিছে - ভাৰতৰ বাবে সুযোগ বৃদ্ধি

যিদৰে ইছলামিক সহযোগিতাৰ সংগঠনত পাকিস্তানক ইউ এ ই, ছৌদি আৰৱৰ দৰে উল্লেখনীয় আৰৱীয় দেশে আঁতৰাই ৰাখিছে সেয়া ভাৰতৰ বাবে নিতান্তই শুভ লক্ষণ ।

Israel UAE deal gives India chance to be a major West Asia player
ভাৰত
author img

By

Published : Aug 26, 2020, 8:58 AM IST

-নিলোভা ৰয় চৌধুৰী

সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক স্থাপন আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ উদ্দেশ্যে সংযুক্ত আৰৱ এমিৰেটছ আৰু ইজৰাইলৰ মাজত ২০২০ চনৰ ১৩ আগষ্টত স্বাক্ষৰিত আব্ৰাহাম চুক্তি পশ্চিম এছিয়াৰ পৰিস্থিতি শান্ত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰথমটো উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰিব পাৰি । ইজৰাইল আৰু আৰৱ দুয়োখন দেশৰে ঘনিষ্ঠ বন্ধু ভাৰতক এই শেহতীয়া ঘটনাৱলীয়েও পশ্চিম এছিয়াৰ উল্লেখনীয় শক্তি হ’বলৈ যথেষ্ট সম্ভাৱনা দিছে । মতভেদ থকাৰ পাছতো এক শান্তিৰ সংকল্প গ্ৰহণ কৰাটো সম্ভৱতঃ বিগত সত্তৰ দশকত আৰৱ আৰু ইজৰাইলৰ মাজত হোৱা আাটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা ।

এই চুক্তিত যথেষ্ট সম্ভাৱনা আছে । সংযুক্ত আৰৱ এমিৰেটছৰ ৰজা মহম্মদ বিন জায়েদ অল নাহায়ান আৰু ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ মাজত স্বাক্ষৰ হোৱা এই চুক্তিৰ উদ্দেশ্য আছিল অঞ্চলটোৰ সংঘাতপূৰ্ণ ৰাজনীতিৰ অৱসান ঘটোৱা । বিশেষকৈ অধিক আৰৱীয় ৰাষ্ট্ৰই ইজৰাইলক স্বীকৃতি প্ৰদান কৰাৰ লগতে ইজৰাইল আৰু পেলেষ্টাইনী কৰ্তৃপক্ষৰ মাজত কিছু পৰিমাণে আলোচনা পুনৰ আৰম্ভ কৰা হয় । অৱশ্যে পেলেষ্টাইনী ৰাষ্ট্ৰৰ সম্ভাৱনা তেনেই ক্ষীণ । ইউ এ ইৰ স্বাভাৱিক গুৰুত্বপূৰ্ণ মিত্ৰ ছৌদি আৰৱে দাবী কৰিছে যে দেশখনে অনুৰূপ চুক্তিত স্বাক্ষৰ কৰিব যদি পেলেষ্টাইনৰ স্বপন্ৱে বাস্তৱ ৰূপ লাভ কৰে । এই বিষয়ে ৰিয়াধে যথেষ্ট চিন্তা-চৰ্চা কৰিছে বুলি কোনো সন্দেহ নাই ।

কিন্তু এই চুক্তিৰ দ্বাৰা ইজৰাইলক পেলেষ্টাইনৰ বিষয়টোৰ ক্ষেত্ৰত ডি-হাইফেনেট কৰি ৰখাটো বিচৰা হৈছে । ইজিপ্ত আৰু জৰ্দানৰ সৈতে দশক পূৰ্বেই চুক্তি সম্পন্ন কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনৰ জুলাইত যেতিয়া ইজৰাইল ভ্ৰমণ কৰিছিল তেতিয়াই ভাৰতে ডি-হাইফেনেশ্বন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল । এয়া আছিল এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইজৰাইল ভ্ৰমণ । তেওঁ তেতিয়া পেলেষ্টাইন ভ্ৰমণ নকৰি ভাৰতৰ ডি-হাইফেনেশ্বন প্ৰক্ৰিয়াক প্ৰমাণ কৰিছিল । ১৯৯২ চনতে স্থাপিত ইজৰাইল আৰু ভাৰতৰ মাজৰ কূটনৈতিক সম্পৰ্কত থকা দ্ব্যৰ্থতাক ইয়াৰ জৰিয়তে নস্যাৎ কৰা হয় ।

আহ্ৰাহাম চুক্তিৰ পাছত পেলেষ্টাইনে নিজকে অকলশৰীয়া অনুভৱ কৰা হৈছে । কিয়নো পেলেষ্টাইনৰ মূল যোদ্ধাসকলে নিজকে আঁতৰাই ৰাখিছে । তেওঁলোকে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব । কিন্তু আমেৰিকাৰ সৈতে হোৱা চুক্তিক ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহুৱে আৰৱ আৰু ইজৰাইলৰ মাজত শান্তি পুনৰুদ্ধাৰ কৰাৰ বাবে বিগত ২৬ বছৰৰ ভিতৰত গ্ৰহণ কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আখ্যা দিছে যদিও পেলেষ্টাইন কৰ্তৃপক্ষই তেনে দাবীক অস্বীকাৰ কৰিছে । ইতিবাচক কথাটো হ’ল পশ্চিম উপকূলত দখল কৰিবলৈ ইজৰাইলে ইয়াৰ পৰিকল্পনা সলনি কৰিব লাগিব । এই অঞ্চল দখল কৰিবলৈ বিগত কেইবামাহৰ পৰা ইজৰাইলে ব্যাপক প্ৰস্তুতি অব্যাহত ৰখাৰ বাবে দেশখনত অশান্তিকৰ পৰিৱেশৰ সূচনা হয় । ইয়াৰ ফলত পেলেষ্টাইনীসকল প্ৰতিবাদমুখৰ হৈ পৰে ।

এই সদ্য স্বাক্ষৰিত চুক্তিখনে গালফ অঞ্চলৰ সুৰক্ষা আৰু সুস্থিৰতাৰ বাবে অধিক সক্ৰিয়তাৰে ভূমিকা পালন কৰাৰ বাবে ভাৰতক সুযোগ প্ৰদান কৰে । ভাৰতে কেৱল ইজৰাইলৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰা নাই, বৰঞ্চ গালফৰ দেশ তথা নেতাসকলৰ সৈতেও আছে সুসম্পৰ্ক । বিশেষকৈ ইউ এ ই আৰু ছৌদি আৰৱৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক বিদ্যমান । গালফৰ দেশসমূহৰ সৈতে দ্ৰুত গতিত গঢ়ি উঠা সুসম্পৰ্কক মোদী চৰকাৰৰ অন্যতম সফলতা বুলি গণ্য কৰিব পাৰি । এই অঞ্চলত নিৰাপত্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

আনকি চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত এই বৰ্ষৰ ভাৰতৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গালফৰ দেশসমূহৰ সৈতে ক্ৰমশঃ গঢ়ি উঠা ভাৰতৰ গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰিছিল । ভাৰতৰ নিৰাপত্তা আৰু শক্তি আহৰণৰ বাবে এয়া অতিশয় গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰিছিল । কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতীয়সকলক থাকিবলৈ সুযোগ দিয়াৰ বাবে তেওঁ সংযুক্ত আৰৱ এমিৰেটছ, ছৌদি আৰৱ আৰু কাটাৰকো ধন্যবাদ জনায় । আনহাতে, এক পৃথক বিবৃতিত ভাৰতে দুয়ো পক্ষৰ মাজত হোৱা চুক্তিক আদৰণি জনাই কয় যে অঞ্চলটোত শান্তি স্থাপনৰ বাবে এই চুক্তিয়ে অগ্ৰণী ভূমিকা ল’ব । পেলেষ্টাইনৰ বিষয়টোৰ প্ৰতি থকা ভাৰতৰ সমৰ্থন এই বিবৃতিত নতুন দিল্লীয়ে পুনৰ বাৰ উত্থাপন কৰে আৰু গ্ৰহণযোগ্য দুই ৰাষ্ট্ৰৰ সমাধানৰ বাবে আশা প্ৰকাশ কৰে ।

এই অঞ্চলৰ অৰ্থনীতি মুকলি কৰাৰ ফলত ভাৰত অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাৰ লগতে গালফৰ দেশৰ সৈতে নিৰাপত্তাজনিত সম্পৰ্ক সুদৃঢ় কৰা, অস্ত্ৰ-শস্ত্ৰৰ ক্ৰয়-বিক্ৰয়, প্ৰতিৰক্ষা অনুশীলন, সন্ত্ৰাসবাদৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য আদান-প্ৰদান আদিয়ে ভাৰতৰ নিৰাপত্তাৰ দিশটোক শক্তিশালী কৰি তুলিব । ইন্ধন বা শক্তিৰ নিৰাপত্তা সহযোগিতাৰ আন এক গুৰুত্বপূৰ্ণ দিশ । জীৱাশ্ম ইন্ধনৰ পৰা নৱীকৰণযোগ্য শক্তি, খাদ্য সুৰক্ষালৈকে এই সকলোবোৰ দিশ অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ভাৰতৰ বজাৰৰ আকাৰ আৰু ইয়াত উৎপাদিত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীয়ে গালফৰ দেশসমূহ আৰু ইজৰাইলক আকৰ্ষিত কৰি আহিছে ।

যিদৰে ইছলামিক সহযোগিতাৰ সংগঠনত পাকিস্তানক ইউ এ ই, ছৌদি আৰৱৰ দৰে উল্লেখনীয় আৰৱীয় দেশে আঁতৰাই ৰাখিছে সেয়া ভাৰতৰ বাবে নিতান্তই শুভ লক্ষণ ।

আৰৱীয় দেশ আৰু ইজৰাইলৰ সৈতে ভাৰতৰ থকা মধুৰ সম্পৰ্কৰ বাবে সেইসমূহ দেশৰ মাজত ইছলামিক পৃথিৱীত আধিপত্য বিস্তাৰৰ বাবে থকা সংঘাত দূৰ কৰি সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰাত নতুন দিল্লীয়ে সক্ৰিয় ভূমিকা পালন কৰিব পাৰে ।

ভাৰতৰ বাবে এই চুক্তি কঠিন সময়ত আশাৰ ৰেঙণি হৈ ধৰা দিছে যাৰ জৰিয়তে ভৌগোলিক-অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ ব্যাপক পৰিৱৰ্তন আশা কৰা গৈছে ।

লগতে পঢ়ক : ৰাছিয়া Army 2020 ত অস্ত্ৰ-শস্ত্ৰ্ৰ সন্ধান ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.