ETV Bharat / international

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সংখ্যালঘুৰ ভোটে - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সংখ্যালঘুৰ ভোটে

শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথো দুটা দিন ৷ এই নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা ৷ শ্ৰীলংকাৰ নিৰ্বাচনকলৈ ইটিভি ভাৰতৰ বিশেষ কভাৰেজ ৷ কলম্বোস্থিত চেণ্ট এন্থনী চাৰ্চত পাদ্ৰী জুড ফৰ্নাণ্ডোৰ সৈতে বিশেষ সাক্ষাৎকাৰ ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সংখ্যালঘুৰ ভোটে
author img

By

Published : Nov 14, 2019, 11:30 PM IST

Updated : Nov 15, 2019, 3:47 PM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ: শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাথো মাত্ৰ দুটা দিন ৷ এই নিৰ্বাচনত সংখ্যালঘু সম্প্ৰদায়ৰ ভোট বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বিগত এপ্ৰিল মাহত ‘ইষ্টৰ চাণ্ডে’ত চেণ্ট এন্থনী চাৰ্চত হোৱা আক্ৰমণত প্ৰাণ গৈছিল 250 জনতকৈ অধিক লোকৰ ৷ এই আক্ৰমণৰ ঘটনাই এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অনুমান কৰা হৈছে ৷ কাৰণ শ্ৰীলংকাৰ মুঠ জনসংখ্যাৰ 7 শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ ৷

খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মনৰ মনোভাৱ জানিবলৈ কলম্বোস্থিত চেণ্ট এন্থনী চাৰ্জৰ পাদ্ৰী জুড ফৰ্নাণ্ডোৰ সৈতে বিশেষ সাক্ষাৎকাৰ ইটিভি ভাৰতৰ ৷

শ্ৰীলংকাৰ নিৰ্বাচনকলৈ ইটিভি ভাৰতৰ বিশেষ কভাৰেজ

এই সাক্ষাৎকাৰত ফাদাৰ ফৰ্নাণ্ডোই কয়,

আমি বৰ্তমান লৈকে ন্যায় লাভ কৰা নাই ৷ চাৰ্চে ন্যায়ৰ ওপৰত গুৰুত্ব দিছে ৷ আমি জনা উচিত এই আক্ৰমণ কোনে সংঘটিত কৰিছিল ৷ এই সন্দৰ্ভত শেহতীয়াকৈ নতুন আয়োগ স্থাপন কৰা হৈছে ৷ আমি ন্যায়ৰ অপেক্ষা কৰি আছো ৷ আমাৰ ফালৰ পৰা যথোপযুক্ত সকলো ধৰণৰ সহযোগ তদন্তকাৰী সংস্থাক প্ৰদান কৰা হৈছে ৷

এই বিষয়টোৱে এই নিৰ্বাচনত মহত্বপূৰ্ণ ভূমিকা পালন কৰিব নেকি কৰা প্ৰশ্নৰ উত্তৰত ফাদাৰে কয়,

আমাৰ কোনো এটা ৰাজনৈতিক দলৰ প্ৰতি দুৰ্বলতা নাই ৷ আমি কোনো এজন প্ৰাৰ্থীক সমৰ্থন কৰা নাই ৷ কিন্তু আমি সদায় ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনাই আহিছো ৷ এইয়া তেওঁলোকৰ ভোট,তেওঁলোকৰ অধিকাৰ ৷

এইয়া প্ৰথমবাৰৰ বাবে ভোটদান নহয় ৷ গতিকে সকলোৱে নিজ-নিজ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব ৷

ইপিনে ইষ্টাৰৰ ঘটনাত নিহত হোৱা লোকসকলৰ পৰিয়ালক এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ তিনি-চাৰিবাৰকৈ সংগত যাত্ৰা আয়োজন কৰা হৈছে ৷ যিটোৱে বহু গুণে ফলপ্ৰসূ হৈছে বুলি উল্লেখ কৰে ফাদাৰে ৷

আনহাতে এছিয়ান উপ মহাদ্বীপত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰাত তেওঁ কয়,উপ মহাদ্বীপৰ লোকসকল শান্তি আৰু সদ্ভাৱেৰে বাস কৰি আহিছে ৷ আমাৰ নিজৰ মূল্যবোধ আছে,পৰম্পৰা আছে ৷ ভাৰতৰ উদাহৰণ দাঙি ধৰি ফৰ্নাণ্ডোই লগতে কয়,ভাৰত আৰু শ্ৰীলংকাৰ দৰে এছিয়ান দেশ সমূহত বিভিন্ন সম্প্ৰদায়ৰ মাজত মতভেদ আছে যদিও শান্তি সমৃদ্ধি বজাই বাস কৰি আহিছে ৷

ইয়াৰ লগতে ভেটিকান তদন্তক গতি দিয়াৰ বাবে হেঁচা প্ৰদান কৰা হৈছে নেকি প্ৰশ্নৰ উত্তৰত কয়, চাৰ্চ ৰ প্ৰতিনিধিত্বত আছে শ্ৰীলংকাৰ কেথ্লিক বিছপ কনফাৰেন্স ৷ সেয়ে তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছে ৷

-শ্ৰীলংকাৰ পৰা নিশান্ত শৰ্মা (মুখ্য সম্পাদক ইটিভি ভাৰত)

লগতে চাওক-আশা কৰা মতে এন আৰ চিৰ ফলাফল দিয়াত ব্যৰ্থ ৰঞ্জন গগৈ: তৰুণ গগৈ

Intro:Body:Conclusion:
Last Updated : Nov 15, 2019, 3:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.