ETV Bharat / international

ম্যানমাৰত ইন্টাৰনেট সেৱা মুকলি

author img

By

Published : Feb 15, 2021, 5:23 PM IST

ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচতে দেশখনত অব্যাহত থাকে প্ৰতিবাদ । সেনাৰ অধিগ্ৰহণৰ বিৰুদ্ধে দেশখনত অব্যাহত থকা প্ৰতিবাদৰ মাজতে ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল যদিও দেওবাৰে পুনৰ ইন্টাৰনেট সেৱা মুকলি কৰি দিয়া হয় ।

ম্যানমাৰত ইন্টাৰনেট সেৱা মুকলি
ম্যানমাৰত ইন্টাৰনেট সেৱা মুকলি

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যু কীক সেনা বাহিনীয়ে আটক কৰাৰ পাচতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দেশখনত অব্যাহত আছিল প্ৰতিবাদ । ম্যানমাৰত সেনাৰ অধিগ্ৰহণৰ বিৰুদ্ধে দেশখনত অব্যাহত থকা প্ৰতিবাদৰ মাজতে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ পিছতে দেওবাৰে পুনৰ ইন্টাৰনেট সেৱা মুকলি কৰে প্ৰশাসনে ।

কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সীমাবদ্ধতা বান্ধি দিছে ম্যানমাৰ প্ৰশাসনে । উল্লেখ্য যে, ১ ফেব্ৰুৱাৰীত আং চান চ্যু কীৰ লগতে তেওঁৰ দলৰ কেবাজনো বিষয়াক আটক কৰাৰ পাচতে সেনাই এবছৰৰ বাবে দেশখনক নিজৰ নিয়ন্ত্ৰত লয় ।

ম্যানমাৰত বিগত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা অন্তিমটো নিৰ্বাচনত চ্যু কীৰ দলে সন্মিলিত উচ্চ সদনৰ ৪৭৬ খন আসনৰ ৩৯৬ আসন দখল কৰিবলৈ সক্ষম হৈছিল । সেনা বাহিনীৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হৈছিল, সেয়ে তেওঁলোকে এই ফলাফল মানি নলয় আৰু উক্ত অভিযোগৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত চ্যু কীৰ চৰকাৰ ব্যৰ্থ হৈছে ।

লগতে পঢ়ক: আমেৰিকাবাসীয়ে সত্যক আঁকোৱালি ল'ব লাগিব:জ' বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.