ETV Bharat / international

ইছলামাবাদৰ পৰা উভটিল পাকস্থিত ভাৰতীয় উচ্চায়ুক্ত

author img

By

Published : Aug 11, 2019, 8:32 PM IST

ভাৰত আহি পালেহি পাকস্থিত ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়া ৷ শনিবাৰে ইছলামাবাদ ত্যাগ কৰি নতুন দিল্লীত উপস্থিত হয় তেওঁ ৷

ইছলামাবাদৰ পৰা উভটিল পাকস্থিত ভাৰতীয় উচ্চায়ুক্ত

ইন্টাৰনেশ্বনেল ডেস্ক, 11 আগষ্ট : পাকস্থিত ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই শনিবাৰে ইছলামাবাদ ত্যাগ কৰি নতুন দিল্লীত উপস্থিত হয় ৷ বুধবাৰে ভাৰত চৰকাৰক বিছাৰিয়াক উভটাই আনিবলৈ নিৰ্দেশ দিছিল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ৷ পাকিস্তানৰ নিৰাপত্তা কমিটিয়ে আলোচনাৰ জৰিয়তে ভাৰতৰ সৈতে সকলো ধৰণৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে এইদৰে বিছাৰিয়াক ওভটাই পঠোৱা হয় ৷

ইয়াৰোপৰি, নতুন দিল্লীকো এই কথা অৱগত কৰা হৈছিল যে, পাকিস্তানেও দেশখনৰ উচ্চায়ুক্ত মইন উল হকক ভাৰতলৈ প্ৰেৰণ নকৰে ৷ উল্লেখ্য যে, আগষ্টৰ 16 তাৰিখৰ পৰা নতুন দিল্লীত হকে বিষয়বাব গ্ৰহণ কৰাৰ কথা আছিল ৷

উল্লেখনীয় যে, ভাৰত চৰকাৰে জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে প্ৰতিক্ৰিয়া হিচাপে পাকিস্তানে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

INDIAN HIGH COMMISIONER TO PAK LEAVES ISLAMABAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.