ETV Bharat / international

ভাৰত-নেপালৰ কূটনৈতিক বিতৰ্ক আৰু চীনৰ প্ৰভাৱ

author img

By

Published : May 12, 2020, 8:30 PM IST

বিগত সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ সীমান্তৱৰ্তী লিপু লেখলৈ ধাৰচুলাৰ পৰা এক নতুন পথ উদ্বোধন কৰে । এই পথটোৰ ফলত মানস সৰোবৰলৈ যাত্ৰাৰ সময় বহুকেইদিন হ্ৰাস পাব । ইয়াৰ পাছতে নতুন দিল্লী আৰু কাঠমাণ্ডুৰ মাজত উত্তেজনা বৃদ্ধি পায় ।

India-Nepal Diplomatic Row And China’s Shadow

ভাৰতীয় সংবিধানৰ ৩৭০ আৰু ৩৫ (ক) নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ লগতে জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ পাচত ২০১৯ চনৰ নৱেম্বৰত ভাৰতে দেশখনৰ এখন নতুনি ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰে । নেপালে মানচিত্ৰখনৰ ক্ষেত্ৰত অভিযোগ কৰি কয় যে নেপালৰ সুদূৰ পশ্চিম প্ৰদেশৰ ডাৰচুলা জিলাৰ বিবাদিত কালাপানী অঞ্চল ভুলকৈ ভাৰতৰ উত্তৰাখণ্ডৰ পিথোৰগড় জিলাত অন্তৰ্ভুক্ত হৈছে । ভাৰতে জনায় যে, মানচিত্ৰখনত একো আগ্ৰাসন নাই আৰু সম্পূৰ্ণ সঠিকভাৱে উপস্থাপন কৰা হৈছে । নতুন মানচিত্ৰখনত কোনো নতুন অঞ্চল সন্নিবিষ্ট কৰা হোৱা নাই বুলিও ভাৰতে প্ৰকাশ কৰে ।

বিগত সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ সীমান্তৱৰ্তী লিপু লেখলৈ ধাৰচুলাৰ পৰা এক নতুন পথ উদ্বোধন কৰে । এই পথটোৰ ফলত মানস সৰোবৰলৈ যাত্ৰাৰ সময় বহুকেইদিন হ্ৰাস পাব । ইয়াৰ পাচতে নতুন দিল্লী আৰু কাঠমাণ্ডুৰ মাজত উত্তেজনা বৃদ্ধি পায় । নেপালৰ বৈদেশিক মন্ত্ৰালয়ে অতি কঠোৰভাৱে প্ৰকাশ কৰা এক বিবৃতিত ভাৰতক নেপালৰ ভূখণ্ডত যিকোনো কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে । বিবৃতিটোত মহাকালী ৰিভাৰৰ পূবে সকলো ভূখণ্ডকে ধৰি লিম্পিয়াধুৰা, কালাপানী, লিপু লেখ আদি অঞ্চলক ১৮১৬ চনৰ চুগৌলী চুক্তিৰ আধাৰত নেপালৰ অধীনত বুলি দাবী কৰে ।

অৱশ্যে নতুন দিল্লীস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে নেপালৰ অভিযোগ খণ্ডন কৰি এনেদৰে প্ৰকাশ কৰে, “উত্তৰাখণ্ডৰ পিথোৰগড় জিলাত শেহতীয়াকৈ উদ্বোধন কৰা পথছোৱা সম্পূৰ্ণৰূপে ভাৰতৰ ভিতৰত পৰে ।”

লগতে মন্ত্ৰণালয়ৰ পৰা এয়াও উল্লেখ কৰা হয় যে সীমা বিবাদ সমাধান কৰাৰ বাবে এক ব্যৱস্থা আছে আৰু বহুদিনৰে পৰা অনুষ্ঠিত নোহোৱা দুয়োখন দেশৰ বৈদেশিক সচিবৰ মাজৰ বৈঠক COVID-১৯ ৰ সংকট দূৰ হোৱাৰ পাচতে অনুষ্ঠিত কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হ’ব ।

এই সপ্তাহতে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গাৱালীয়ে সংসদক জনায় যে, দেশখনে ভাৰতৰ সৈতে থকা পশ্চিমৰ সীমান্তত স্থায়ীভাৱে সামৰিক শক্তিৰ উপস্থিতি বৃদ্ধি কৰিবলৈ বিচৰাৰ লগতে ৰুদ্ধ সীমান্তৰ ব্যৱস্থা কৰাৰ বাবে আগবাঢ়িছে । বিশিষ্ট ব্যক্তিসকলৰ এক দলে (Eminent Persons’ Group) প্ৰস্তুত কৰা এক প্ৰতিবেদনত এই বিবাদমান বিষয়টো উল্লেখ আছে । দ্বিপাক্ষিকভাৱে সন্মত দলটোৰ দ্বাৰা প্ৰতিবেদনখনৰ পৰামৰ্শাৱলী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়াও আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই । সোমবাৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চায়ুক্ত বিনয় কাৱাৰ্টাক চমন কৰে বুলি বাতৰি প্ৰচাৰ হৈছে যদিও, বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনোৱা অনুসৰি এয়া চমন নহয়, বৈঠকহে আছিল ।

কাঠমাণ্ডুৱে বিৰোধিতা কৰাৰ কাৰণ কি? নেপালৰ ওপৰত চীনৰ প্ৰভাৱ ভাৰতৰ বাবে কিমান উদ্বেগজনক বিষয়? নেপালক সন্তুষ্ট কৰি দ্বিপাক্ষিক সম্পৰ্ক পুনৰ স্থাপন কৰাৰ বাবে নতুন দিল্লীয়ে কি উপায় গ্ৰহণ কৰিব? ভূখণ্ড আগ্ৰাসন কৰা বুলি নেপালে কৰা দাবী কিমান দূৰ গ্ৰহণযোগ্য? নে এয়া ঘৰুৱা ৰাজনৈতিক বাক ধাৰাৰ প্ৰেক্ষাপটত ঐতিহাসিক বিশ্বাসহীনতা ?

এনে কেতবোৰ বিষয় সন্দৰ্ভত এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই কাঠমাণ্ডুত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে অৱসৰ গ্ৰহণ কৰা ৰাঞ্জিত ৰায় আৰু ব্ৰুকিংছ ইণ্ডিয়াৰ ফেলো কনষ্টানটিনো জেভিয়াৰৰ সৈতে আলোচনা কৰিছে ।

কনষ্টানটিনো জেভিয়াৰে সতৰ্ক কৰি কয় যে, যিহেতু ভাৰত আৰু নেপালৰ সীমান্ত সম্পৰ্কীয় ৯৮ শতাংশ বিবাদেই নিষ্পত্তি হৈছে কালাপানী ছেক্টৰৰ দৰে, অমীমাংসিত বিষয়বোৰ শীঘ্ৰে সমাধান নহ’লে চুবুৰীয়া দেশ দুখনৰ মাজৰ সম্পৰ্ক অস্বাভাৱিক হৈ পৰিব । ভূটান-চীন আৰু ভাৰতৰ মাজত ৭৩ দিনৰ বাবে চীনৰ পি এল এৰ সৈতে সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিৱেশ কালাপানীত হোৱাত ভাৰতে বাধা দিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে ।

ৰাষ্ট্ৰদূত ৰায়ে উদ্বেগ প্ৰকাশ কৰি কয় যে, চীনে নেপালত নিজৰ অৰ্থনৈতিক উপস্থিতিক ৰাজনৈতিক দিশলৈ ৰূপান্তৰিত কৰিছে আৰু সূক্ষ্ম কূটনৈতিক ক্ষেত্ৰতো জড়িত হৈ পৰিছে । যিহেতু নেপাল আৰু ভাৰতৰ মাজত ঐতিহাসিকভাৱে ‘ৰুটী-বেটী সম্পৰ্ক’ আছে নেপালৰ সকলো ৰাজনৈতিক পক্ষক জড়িত কৰাই এক অনুকূল পৰিৱেশত শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধান কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ।

লেখিকা : স্মিতা শৰ্মা, সাংবাদিক, নতুন দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.