16 নৱেম্বৰত হ’ব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰত আৰু চীনৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এই নিৰ্বাচনত ৷ দক্ষিণ এচিয়াত নিজৰ ক্ষমতা স্থাপন কৰা আৰু ভৌগলিক ৰণনীতিৰ ক্ষত্ৰতো এই নিৰ্বাচন হ’ব অপৰিহাৰ্য ৷ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা সমন ৱীৰাসংঘেয়ে এই কথা নাকচ কৰে ৷ ইটিভি ভাৰতৰ এডিটৰ-ইন-চিফ নিশান্ত শৰ্মাৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে ভাৰত আৰু শ্ৰীলংকাৰ সম্বন্ধ হাজাৰ বছৰ পুৰণি ৷ তেওঁ কয় যে ভাৰত শ্ৰীলংকাৰ সম্বন্ধ বন্ধুত্বতকৈও উৰ্ধত ৷
এডিটৰ-ইন-চিফ নিশান্ত শৰ্মাৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে, শ্ৰীলংকাৰ দ্বাৰ সকলোৰে বাবে মুকলি আছে ৷ ভাৰতকে আদি কৰি বহু ৰাষ্ট্ৰয়ে কলম্বোত বহু প্ৰজেক্টৰ বাবে বিনিয়োগ কৰিছে ৷ তেওঁ জনাই যে নতুন দিল্লীয়ে ৰাষ্ট্ৰখনক বহুত সহায় কৰিছে ৷ দিল্লীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰয়োজনৰ সময়ত সদায় শ্ৰীলংকাৰ কাষত থিয় দিছে আৰু চুবুৰীয়া দেশখনে এই কথা নাপাহৰি ভাৰতক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে ৷ উপদেষ্টাগৰাকীয়ে কয় যে বেইজিঙৰ লগত বাঢ়ি অহা ঘনিষ্ঠতাৰ বাবে ভাৰত চিন্তিত হ’ব লগা কোনো কাৰণ নাই ৷ তেওঁ অনাগত সময়ত নতুন দিল্লীয়ে ৰাষ্ট্ৰখনত আৰু অধিক বিনিয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে ৷
চীনে দেশখনৰ ওপৰত নিজৰ ঋণৰ হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে শ্ৰীলংকাৰ ওপৰত বাহিৰা ঋণৰ বুজা বহুত কম আছে আৰু দেশখনক চীনে দিয়া ঋণ ইয়াৰ 10 শতাংশতকৈও কম ৷ সেইবাবে এই ঋণ দেশখনৰ বাবে কোনো চিন্তাৰ বিষয় নহয় ৷ তেওঁ লগতে কয় যে উন্নয়ণশীল ৰাষ্ট্ৰ হোৱাৰ বাবে দেশখনক অধিক বিদেশী বিনিয়োগৰ আৱশ্যকতা আছে ৷ অন্য দেশৰ লগতে চীন দেশেও দেশখনত বিনিয়োগ কৰিছে ৷ ইয়াৰ লগতে তেওঁ ভাৰত আৰু ভাৰত চৰকাৰে দেশখনত আৰু অধিক বিনিয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ দেশখনৰ বৰ্ধিত ঋণক লৈ প্ৰশ্ন কৰাত তেওঁ কয় যে দেশখনে শেহতীয়া সময়ত প্ৰত্যক্ষ বিদেশী বিনিয়োগ বঢ়োৱাত আৰু ব্যৱসায়িক ক্ষেত্ৰত সৰলীকৰণ কৰায়ে হ’ব দেশখনৰ প্ৰধান লক্ষ্য ৷ তেওঁ কয় দেশখনে নিজে বিনিয়োগ নীতি শিথিল কৰাটো আৱশ্যক যাতে অন্য এচিয়াৰ দেশকেইখনৰ তুলনাত অধিক বিদেশী বিনিয়োগ আহে দেশখনলৈ ৷ তেওঁ কয়, নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে আৰ্থিক নীতি শিথিল কৰা, পৰ্যটন,কৃষি আৰু অন্যান্য দিশত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ তেওঁ লগতে কয় যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে সকলো ৰাষ্ট্ৰৰ লগত এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব লাগিব ৷ তেওঁ লগতে কয় যে বিশেষভাৱে এচিয়ান দেশসমূহৰ লগত এক সুমধুৰ সম্পৰ্ক বজাই ৰাখিব লাগিব ৷ তেওঁ কয় যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰত শ্ৰীলংকা আৰু চীন শ্ৰীলংকাৰ সম্পৰ্ক সুদৃঢ় কৰিব ৷ তেওঁ কয় যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত কেৱল ৰাজনৈতিক সম্পৰ্কই নহয় সাংস্কৃতিক সম্পৰ্কও আছে আৰু এক আৰ্থিক সম্পৰ্ক গঢ়া হ’ব বুলি দেশখন আশাবাদী ৷
শ্ৰীলংকাৰ পৰা, নিশান্ত শৰ্মা, এডিটৰ-ইন-চিফ, ইটিভি ভাৰত