নিউজ ডেস্ক,24 আগষ্ট: যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানী সমকক্ষ শ্বিনজ’ আবেৰ মাজত চেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া দ্বি-পাক্ষিক শিখৰ সন্মিলনক কেন্দ্ৰ কৰি চীন চৰকাৰৰ সমৰ্থনপুষ্ট সংবাদ মাধ্যমে দাবী কৰিছে যে, নতুন দিল্লী আৰু টকিঅ’ৰ বাবে বেইজিঙৰ বিৰুদ্ধে এক সংযুক্ত মৰ্চা গঠন কৰাটো কঠিন কাৰ্য হ’ব; তাৰমাজতে জাপান সম্বন্ধীয় বিষয়সমূহ অধ্যয়ন কৰা এগৰাকী আগশাৰীৰ বিশেষজ্ঞই মতপোষণ কৰিছে যে কোনো তৃতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে একগোট হোৱাৰ লক্ষ্যৰে ভাৰত আৰু জাপানৰ মাজত সম্বন্ধ স্থাপন হোৱা নাই ৷ “চীনৰ বিৰুদ্ধে এক সংযুক্ত মৰ্চা গঠন কৰাটো ভাৰত-জাপানৰ বাবে কঠিন কাৰ্য হ’ব” শীৰ্ষক শিৰোনামেৰে চীনৰ প্ৰভাৱী ইংৰাজী দৈনিক কাকত গ্ল’ৱেল টাইমছত প্ৰকাশ হোৱা এক প্ৰৱন্ধত চ্ছিংহুৱা বিশ্ববিদ্যালয়ৰ “ৰাষ্ট্ৰীয় কৌশল প্ৰতিষ্ঠানৰ” গৱেষণা বিভাগৰ নিৰ্দেশক শ্বিং ফেনে বৰ্ণনা কৰি কয় যে “যদি ভাৰতে জাপানত চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে তেনেহ’লে ই বিফল হোৱাটো নিশ্চিত”৷ ভাৰত আৰু চীনৰ সীমান্ত লাডাখত হোৱা সংঘাতৰ পৰিণতিত ৪৫ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) ৰ দুয়োপাৰে উভয়পক্ষৰে সেনা হতাহত হোৱাৰ সময়তে শ্বিঙৰ প্ৰৱন্ধটো পোহৰলৈ আহিছে ৷ “সীমাত হোৱা সংঘাতৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতে একপক্ষীয় আৰু অযুক্তিকৰভাৱে পদক্ষেপ গ্ৰহণ কৰি চীনক পৰিস্থিতিৰ গম্ভীৰতা অনুভৱ কৰাবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে ৷” প্ৰৱন্ধটোত শ্বিঙে এইদৰে কয় ৷ “উদাহৰণস্বৰূপে, সীমা বিবাদ চলি থকাৰ মাজতে ভাৰতে ‘টিকটক’ আৰু ‘উইছাট’ আদিকে ধৰি ৫৯ টা ম’বাইল এপ্লিকেশ্বনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ ভাৰতে চীনক নিয়ন্ত্ৰণ কৰিবলৈ জাপান আৰু অষ্ট্ৰেলিয়াকো মন্ত্ৰণা দিয়াৰ চেষ্টা কৰি আহিছে ৷
যি নহওঁক, অৱশ্যে এই কাৰ্যই কোভিড 19 মহামাৰীৰ পৰৱৰ্তীকালত ভাৰতীয় অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু বিকাশত সহায় নকৰে ৷ চীনক আঘাত কৰাৰ চেষ্টা কৰিবলৈ গৈ ভাৰত নিজেইহে আৰ্থিকভাৱে অধিক ক্ষতিগ্ৰস্থ হ’ব ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ষমতা হয়তো যথেষ্ট নহ’ব৷” যি নহওঁক, একে সময়তে প্ৰৱন্ধটোত বৰ্ণনা কৰা হৈছে যে,যি তৰিৎ গতিত চীন-আমেৰিকাৰ সম্বন্ধত খহনীয়াই দেখা দিছে ঠিক সেই একেই গতিৰে চীন-ভাৰত আৰু চীন-জাপান সম্বন্ধত ফাঁট মেল খোৱা নাই ৷ “যদিও নতুন দিল্লীয়ে বেইজিঙৰ ওপৰত হেঁচা প্ৰয়োগৰ চেষ্টা চলাই আছে; তথাপি ক’ব লাগিব যে আলোচনাৰ মাধ্যমেৰে চীন-ভাৰত সংঘাতৰ সমাধান কৰাটো এতিয়াও এক সাধাৰণ প্ৰৱণতা হৈয়ে আছে ৷” প্ৰৱন্ধটোত তেওঁ পুনৰএইদৰে কয়, “জাপানে হয়তো মহামাৰীৰ পৰৱৰ্তী কালৰ আৰ্থিক বিকাশৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি চীনৰ সৈতে থকা সম্বন্ধটোত স্থিৰতা বৰ্তাই ৰখাটোকে বিচাৰিব ৷ এনেকুৱা এক সামগ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লী আৰু টকিঅ’ই হয়তো বেইজিঙক উচটাবলৈ কোনো ধৰণৰ তীক্ষ্ণ বাক্যবাণ তথা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব ৷”
তদুপৰি শ্বিঙে লিখে যে যদিও ভাৰত আৰু জাপানৰ সৈতে চীনৰ বিবাদ আছে, তথাপি নতুন দিল্লী আৰু টকিঅ’ই সহযোগিতা শক্তিশালী কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু এছিয়াত এক ভাৰসাম্যতা বজাই ৰাখিব ৷ “এছিয়াৰ দুখন গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে আমি ভাৰত আৰু জাপানৰ মাজত এক সাধাৰণ পৰ্যায়ৰ সহযোগিতা থকাটো বিচাৰো ৷ সৰ্ব্বোপৰি, তেওঁলোকৰ সফলতাই সমগ্ৰ এছিয়াতে সহযোগিতা অনাত সহায় কৰিব৷” প্ৰৱন্ধটোত এইদৰে কোৱা হয় ৷ “কিন্তু, যদি এনে সহযোগিতা যুটীয়াভাৱে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ ভিত্তিত স্থাপিত হয় তেনেহ’লে আমি সজোৰে ইয়াৰ বিৰোধিতা কৰিছো ৷ কিয়নো ই এছিয়া-পেচিফিক ক্ষেত্ৰত অস্থিৰতাৰ সৃষ্টি কৰিব ৷” যদিও বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা এতিয়াও দিন-বাৰ ঠিৰাং কৰা হোৱা নাই তথাপি সংবাদ মাধ্যমৰ প্ৰতিবেদনবোৰৰ পৰা জানিব পৰা অনুসৰি মোডী আৰু আবেৰ মাজত অনুষ্ঠিত হ’বলগীয়া দ্বি-পাক্ষিক শিখৰ সন্মিলনখন ছেপ্তেম্বৰ মাহৰ প্ৰথমভাগতে ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷
ৰাছিয়াৰ পিছতে জাপান হৈছে দ্বিতীয়খন ৰাষ্ট্ৰ যাৰ লগত ভাৰতবৰ্ষই বাৰ্ষিকভাৱে দ্বি-পাক্ষিক শিখৰ সন্মিলনত মিলিত হয় ৷ যি নহওঁক, বিগত বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দ্বি-পাক্ষিক শিখৰ সন্মিলনখন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ফলত পিছুৱাব লগা হৈছিল ৷ জুন মাহত ভাৰত আৰু জাপানৰ মাজত সংঘটিত হোৱা ৰক্তাক্ত সংঘাতৰ পিছত বিগত মাহত জাপানে ভাৰতৰ সমৰ্থনত থিয় দিয়ে ৷ “কোভিড 19 মহামাৰীৰ পৰৱৰ্তীকালত ভাৰত-জাপানৰ সম্পৰ্ক” বিষয়ত এক ‘থিংক টেংকে’ অনুষ্ঠিত কৰা এক ভাৰ্চুৱেল আলোচনাত ভাগ লৈ ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূত ছাট’শ্বি ছুজুকীয়ে কয় যে লাডাখত চীনৰ সৈতে থকা এলএচিৰ স্থিতাৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বিচৰা যিকোনো প্ৰয়াসক টকিঅ’ই সজোৰে বিৰোধিতা কৰিছে ৷ “অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্বন” থিংক টেংকৰ বিশিষ্ট ফেল’ আৰু জাপান সম্বন্ধীয় বিষয় অধ্যয়নৰ ক্ষেত্ৰখনৰ এজন আগশাৰীৰ ভাৰতীয় বিদ্বান কেভি কেচাৱনে “দ্য গ্ল’ৱেল টাইমছ”ৰ শেহতীয়া প্ৰৱন্ধটোৰ বিষয়ে উল্লেখ কৰি ইটিভি ভাৰতৰ আগত কয় যে ভাৰত-জাপান সম্বন্ধই কোনো তৃতীয় ৰাষ্ট্ৰক লক্ষ্য কৰি লোৱা নাই ৷
২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীয়ে পূৱ এছিয়াৰ ৰাষ্ট্ৰখনলৈ কৰা ভ্ৰমণকালত ভাৰত-জাপান সম্বন্ধক “স্পেশ্বেল ষ্ট্ৰেটেজিক আৰু গ্ল’ৱেল পাৰ্টনাৰশ্বিপ” স্তৰলৈকে উন্নীত কৰা হৈছিল ৷ “আমাৰ (ভাৰত আৰু জাপান) মাজত এক কৌশলগত অংশীদাৰীত্ব আছে আৰু আমি অঞ্চলটোত শান্তি আৰু সামুদ্ৰিক সুৰক্ষা সু-নিশ্চিত কৰাত সফলতা অৰ্জন কৰিম ৷” কেচাৱানে কয় ৷ “চীনে দক্ষিণ চীন সাগৰ আৰু পূৱ চীন সাগৰত ল’ৰা ধেমালিত লিপ্ত হৈ আছে ৷” লগতে তেওঁ উল্লেখ কৰে ৷ ভাৰতৰ সৈতে থকা সীমা বিবাদৰ উপৰিও চীনৰ দক্ষিণ চীন সাগৰ অঞ্চলৰ বহু কেইখন দেশৰ সৈতেও সীমা বিবাদ চলি আছে ৷ পূৱ চীন সাগৰত বেইজিঙৰ টকিঅ’ৰ সৈতে ছেংকাকু দ্বীপসমূহক লৈ বিবাদ চলি আছে ৷ উল্লেখ্য যে, চীনে ছেংকাকু দ্বীপ সমূহক ডিআয়ু বুলি কয় ৷ যোৱা মাহত দ্বীপসমূহৰ নিকট জলৰাশিত চীনৰ উপকূলৰক্ষী বাহিনীৰ জাহাজ প্ৰৱেশ কৰাত জাপানে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
চীনে এক নতুন ক্ষেত্ৰীয় শৃংখলা তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থকা বুলি উল্লেখ কৰি কেচাৱানে বৰ্ণনা কৰে যে চীনৰ আন কেইবাখনো ৰাষ্ট্ৰৰ সৈতে ভাৰতক লক্ষ্য কৰি গঢ়ি তোলাত অংশীদাৰীত্ব আছে ৷ যেনে পাকিস্তানৰ লগত থকা সম্পৰ্ক ৷ যোৱা মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে যুটীয়াভাৱে প্ৰকাশ কৰা বিবৃতিটোৰ বিষয়ে তেওঁ উল্লেখ কৰে ৷ য’ত “এক মুক্ত, মুকলি, সন্মিলিত আৰু সমৃদ্ধিশালী ইণ্ডো-পেচিফিক অঞ্চল গঢ়ি তোলাৰ বাবে স্পষ্ট অৱদান আগবঢ়োৱা এক শক্তিশালী ত্ৰি-পাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু আদান-প্ৰদান”ৰ আহ্বান কৰা হৈছে ৷ ভাৰত হৈছে, ইণ্ডো-পেচিফিক ক্ষেত্ৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে বেইজিঙৰ বৰ্ধিত প্ৰভাৱৰ সময়ত আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ গঠন হোৱা ‘কোৱাড’ দলৰ সদস্য ৷ উল্লেখ্য যে,এই ইণ্ডো-পেচিফিক ক্ষেত্ৰ জাপানৰ পূৱ উপকূলৰ পৰা আফ্ৰিকাৰ পূৱ উপকূললৈকে পৰিৱেষ্টিত হৈ থকা এক বিস্তৃত অঞ্চল ৷
আৰুণিম ভূঞা
লগতে চাওকঃ প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি